অসম

assam

By

Published : Apr 23, 2021, 3:00 PM IST

ETV Bharat / bharat

ক'ভিড পৰিস্থিতি সন্দৰ্ভত ২৭ এপ্ৰিললৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

শুকুৰবাৰৰ পৰা মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু এছ ৰবীন্দ্ৰ ভাটক লৈ গঠিত এখন বিচাৰপীঠে ক'ভিড পৰিস্থিতি সন্দৰ্ভত শুনানি আৰম্ভ কৰে । কাৰ্যকালৰ অন্তিমটো দিনত শুকুৰবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডে কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো প্ৰতিজন নাগৰিকৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ বাবে । বিচাৰপীঠে কেন্দ্ৰক গোচৰটোৰ সঁহাৰি দাখিল কৰিবলৈ সময় দিয়ে আৰু ২৭ এপ্ৰিলত পুনৰ শুনানিৰ দিন ধাৰ্য্য কৰা হয় ।

ক'ভিড পৰিস্থিতি সন্দৰ্ভত ২৭ এপ্ৰিললৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ
ক'ভিড পৰিস্থিতি সন্দৰ্ভত ২৭ এপ্ৰিললৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,২৩ এপ্ৰিল:উচ্চতম ন্যায়ালয়ে ক'ভিডত আক্ৰান্ত ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ আৰু অত্যাৱশ্যকীয় ঔষধৰ নাটনি সন্দৰ্ভত শুনানি আৰম্ভ কৰে । মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু এছ ৰবীন্দ্ৰ ভাটক লৈ গঠিত এখন বিচাৰপীঠে বিষয়টো সন্দৰ্ভত শুনানি আৰম্ভ কৰে ।

কাৰ্যকালৰ অন্তিমটো দিনত শুকুৰবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডে কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো প্ৰতিজন নাগৰিকৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ বাবে । আনহাতে ছ'লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে দেশখনক অক্সিজেন যোগানৰ অতি প্ৰয়োজন । এখন ৰাজ্য ইয়াৰ বাবে দায়বদ্ধ নহয় । তেওঁ লগতে কয় যে দেশখনৰ অক্সিজেন নিৰ্মাণৰ সম্ভাৱনা আছে । যেতিয়া প্ৰতিটো টন গুৰুত্বপূৰ্ণ হয় তেতিয়া কিয় সম্ভাৱনীয়তা সমূহ ব্যৱহাৰ কৰা নহয় তাকলৈও ছ'লিচিটৰ জেনেৰেল তুষাৰ মেহতাই প্ৰশ্ন উত্থাপন কৰে ।

উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ বেদান্ত ষ্টাৰলাইট প্ৰকল্পটো পুনৰ খুলিবলৈ আৰু অক্সিজেন নিৰ্মাণ আৰম্ভ কৰিবলৈ অনুমতি দিয়াত দ্বিধাগ্ৰস্ত হোৱাৰ বাবে তামিলনাডুক তীব্ৰ সমালোচনা কৰে । কিন্তু তামিলনাডুৰ জ্যেষ্ঠ অধিবক্তা চি এছ বৈদ্যনাথনে কয় যে ৰাজ্য চৰকাৰে যথাসাপেক্ষ চেষ্টা অব্যাহত ৰাখিছে আৰু ২০১৮ চনত যি ঘটিছিল তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে চিন্তা চৰ্চা কৰিছে । মুখ্য ন্যায়াধীশে তেওঁৰ প্ৰতিক্ৰিয়া হিচাপে কয় যে বৰ্তমান এটা প্ৰকল্পৰ প্ৰয়োজন যিটোৰ উৎপাদনৰ ক্ষমতা থাকিব । উচ্চতম ন্যায়ালয়ৰ মতে আইন শৃংখলাজনিত কাৰণত তামিলনাডু চৰকাৰে প্ৰকল্পটো চলাব বুলি কোৱাটো উচিত নহয় ।

বিচাৰপীঠে কেন্দ্ৰক গোচৰটোৰ সঁহাৰি দাখিল কৰিবলৈ সময় দিয়ে আৰু ২৭ এপ্ৰিলত পুনৰ শুনানিৰ দিন ধাৰ্য্য কৰা হয় । লগতে তামিলনাডু চৰকাৰক সোমবাৰে এখন শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

ইফালে জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেক এমিকাছ কিউৰী হিচাপে প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দিয়ে । লগতে মুখ্য ন্যায়াধীশে বৃহস্পতিবাৰে প্ৰদান কৰা নিৰ্দেশনা নপঢ়াকৈয়ে বিবৃতি দিয়াৰ বাবে কিছুমান জ্যেষ্ঠ অধিবক্তাক সমালোচনা কৰে । কিয়নো মুখ্য ন্যায়াধীশৰ মতে উচ্চ ন্যায়ালয়ক দেশৰ ক'ভিড-১৯ ব্যৱস্থাপনা সম্পৰ্কীয় গোচৰৰ শুনানিৰ পৰা বাধা দিয়া হোৱা নাছিল ।

লগতে পঢ়ক:কৰ’ণাত সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে মোডীৰ বৈঠক

ABOUT THE AUTHOR

...view details