নেশ্যনেল ডেস্ক, 31 মাৰ্চ : নতুনকৈ প্ৰণয়ন কৰা কৃষি আইনক লৈ কৃষকসকলৰ উদ্বেগ সমাধানৰ বাবে গঠন কৰা উচ্চতম ন্যায়ালয়ৰ নিযুক্ত সমিতিয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰে এক প্ৰতিবেদন ৷
মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বত ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামসুব্ৰমণিয়ানৰ সহযোগত বিচাৰপীঠে চলিত বৰ্ষৰ জানুৱাৰী মাহত এখন সমিতি গঠন কৰাৰ নিৰ্দেশ দিছিল । সমিতিখনত অশোক গুলাটী, প্ৰমোদ যোশী, হৰচিম্ৰত মেন, অনিল ঘানাৱন্ত আৰু ভুপিন্দৰ সিং মান সদস্য হিচাপে অন্তৰ্ভুক্ত আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ নাম প্ৰত্যাহাৰ কৰা হয় ৷
কিন্তু কৃষকসকলে এই সমিতিখন গ্ৰহণ কৰা নাছিল, কিয়নো তেওঁলোকে যুক্তি দিছিল সমিতিৰ সকলো সদস্যই আইনৰ প্ৰতি সমৰ্থন জনাইছে আৰু এইটো পক্ষপাতী হ’ব । অৱশ্যে, আদালতে এই মতৰ সৈতে সন্মত হোৱা নাছিল আৰু কৈছিল যে, তেওঁলোকে কৃষকসকলৰ উদ্বেগ সংকলিত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷