নেশ্যনেল ডেস্ক, ১৬ মে':কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বাছনিক লৈ ব্যাপক কৌতূহল অব্যাহত আছে । ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰুদ্ধদ্বাৰ বৈঠক অব্যাহত ৰাখিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ ভিতৰৰ যিকোনো এজনক শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আসনৰ বাবে চলি থকা যুঁজখন তিনিকোণীয়া হৈ পৰা পৰিলক্ষিত হৈছে (Karnataka CM selection)।
মঙলবাৰে কৰ্ণাটকত আন এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ সমৰ্থকে মুখ্যমন্ত্ৰিত্বৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে । কোৰাটাগেৰে বিধানসভা সমষ্টিৰ বিধায়ক আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জি পৰমেশ্বৰক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিবলৈ দাবী তুলিছে সমৰ্থকসকলে (MLA Parameswhar supporters protest)। হাতে হাতে নেতাগৰাকীৰ সমৰ্থনত পোষ্টাৰ লৈ টুমকুৰত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
টুমকুৰ চহৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকলে এক প্ৰতিবাদী শোভাযাত্ৰাও উলিয়ায় । প্ৰতিবাদৰ অন্তত কংগ্ৰেছ কৰ্মীসকলে বিধায়ক পৰমেশ্বৰক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিবলৈ শীৰ্ষ নেতৃত্বৰ ওচৰত দাবী জনায় । প্ৰতিবাদকাৰীসকলৰ মতে, পৰমেশ্বৰে সকলো স্তৰত দলটো শক্তিশালী কৰিবলৈ দীৰ্ঘসময় ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে (Demand for CM post to Parameshwar)।
ইয়াৰ মাজতে মধুগিৰিৰ বিধায়ক কে এন ৰাজান্নাই দাবী কৰে যে, সিদ্দাৰামাইয়া পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহাটো ১০০ শতাংশই নিশ্চিত । তেওঁৰ মতে, মুখ্যমন্ত্ৰী নিৰ্বাচনত কোনো জটিলতা নাই আৰু ১৮ মে'ত সিদ্দাৰামাইয়ায়েই মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । টুমকুৰত ভাষণ প্ৰদান কৰি ৰাজান্নাই কয় যে, হাইকমাণ্ড সিদ্ধাৰামাইয়া মুখ্যমন্ত্ৰী হোৱাৰ পক্ষপাতী ।