হায়দৰাবাদ,27 ডিচেম্বৰ: বৰদিনৰ দিনটোতে হায়দৰাবাদৰ এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অভিনেতা-চুপাৰষ্টাৰ ৰজনীকান্তক ৷ অভিনেতাগৰাকীয়ে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দেওবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় অভিনেতাগৰাকীক ৷ চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰে এই কথা ৷
হায়দৰাবাদস্থিত এপ’ল’ চিকিৎসালয় কৰ্তৃপক্ষই শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত অভিনেতাগৰাকীৰ শাৰিৰীক অৱস্থাৰ উন্নতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব বুলি উল্লেখ আছিল ৷ শনিবাৰে 70 বৰ্ষীয় অভিনেতাগৰাকীৰ শাৰিৰীক অৱস্থাৰ পৰ্যবেক্ষণ কৰে চিকিৎসকৰ এটা দলে ৷ লগতে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷