অসম

assam

ETV Bharat / bharat

সুনীল কানুগলু; তেলেংগানাত কংগ্ৰেছৰ জয়ৰ আঁৰৰ নিৰ্বাচনী ৰণনীতিবিদ - Telangana Assembly Election Results 2023

তেলেংগানাত কংগ্ৰেছৰ আশ্চৰ্যজনক পৰিৱৰ্তনৰ কৌশল ৰচনা কৰাৰ আঁৰৰ ব্যক্তি নিৰ্বাচনী ৰণনীতিবিদ সুনীল কানুগলু ৷ কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন বিআৰএছ চৰকাৰক আতঁৰাবলৈ ৰণনীতি প্ৰস্তুত কৰিবলৈ কংগ্ৰেছৰ সৈতে এক যুটি গঠন কৰে সুনীল কানুগলুৱে ৷

Sunil Kanugolu The Poll Strategist
কংগ্ৰেছৰ জয়ৰ আঁৰৰ ব্যক্তি

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:36 PM IST

নিউজ ডেস্ক, 3 ডিচেম্বৰ : কৰ্ণাটকত গ্ৰেণ্ড অ’ল্ড পাৰ্টী অৰ্থাৎ কংগ্ৰেছ ক্ষমতালৈ ঘূৰি অহাৰ কেইমাহমানৰ পাছতে তেলেংগানাত কংগ্ৰেছৰ আশ্চৰ্যজনক পৰিৱৰ্তনৰ কৌশল ৰচনা কৰি নিৰ্বাচনী ৰণনীতিবিদ সুনীল কানুগলুৱে পুনৰ নিজকে প্ৰমাণিত কৰিছে ৷

প্ৰশান্ত কিশোৰৰ আই-পিএচি (I-PAC)ৰ পৰা আৰম্ভ কৰি কৰ্ণাটকত কংগ্ৰেছৰ জয় গঢ় দিয়াৰ বাবে কানুগলুক বহুলাংশে কৃতিত্ব দিয়া হৈছিল আৰু পিছলৈ সিদ্দাৰমাইয়া চৰকাৰত তেওঁক কেবিনেট পদবী প্ৰদান কৰা হৈছিল ৷ এইবাৰ টিপিচিচিৰ মুৰব্বী এ ৰেৱন্ত ৰেড্ডীৰ সৈতে কানুগলুৱে দক্ষিণৰ ৰাজ্যখনত তৃতীয়বাৰৰ বাবে তেলেংগানাৰ ৰাজপাট দখল কৰাৰ সপোন দেখা কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন বিআৰএছ চৰকাৰক আঁতৰাবলৈ ৰণনীতি প্ৰস্তুত কৰে ৷

কংগ্ৰেছে তেলেংগানাত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে হিন্দী বলয়ৰ হৃদপিণ্ড ৰাজ্য মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানত পৰাজয় বৰণ কৰিছে ৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশৰ পিছত কানুগলুৱে ৰাজস্থান আৰু মধ্যপ্ৰদেশতো আগ্ৰাসন চলাইছিল যদিও ৰাজ্য দুখনৰ নেতা অশোক গেহলট আৰু কমল নাথ নিৰ্বাচনী কৌশলবিদজনৰ সৈতে বহুক্ষেত্ৰত সহমত নাছিল বুলি জানিব পৰা গৈছে ৷

ৰাজস্থান নিৰ্বাচনৰ পূৰ্বে কানুগলুৱে সম্ভাব্য প্ৰাৰ্থীৰ জয়যোগ্যতাৰ বিষয়ে মূল্যায়ন কৰিছিল যদিও গেহলটে তেওঁৰ পৰামৰ্শত সন্মতি নিদিয়াৰ লগতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ চৰকাৰ নিৰ্মাণৰ বাবে নৰেশ অৰোৰাৰ ডিজাইনবক্সড আনিছিল বুলি জানিব পৰা গৈছে ৷

সূত্ৰৰ পৰা জানিব পৰা মতে, কৰ্ণাটক আৰু তেলেংগানাত কানুগলুৰ সফলতাৰ আঁৰত আছিল তেওঁক দিয়া মুক্ত হাত আৰু তেওঁৰ দলটোক মুক্তভাৱে কাম কৰিবলৈ দিয়াটো ৷ কৰ্ণাটকৰ পৰা অহা 40 বছৰীয়া কানুগলুক বিজেপিৰ বিৰুদ্ধে ‘পে-চিএম’ অভিযানৰ জৰিয়তে কৰ্ণাটকত কংগ্ৰেছৰ জয়ৰ আঁৰৰ মগজু হিচাপে বহুলাংশে বিবেচিত হৈছে ৷ তেলেংগানা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ কংগ্ৰেছৰ প্ৰচাৰৰ অংশ হিচাপে কে চন্দ্ৰশেখৰ ৰাওৰ দিনৰ কথিত দুৰ্নীতিৰ ওপৰত আলোকপাত কৰে যিয়ে জনসাধাৰণৰ মনত ৰেখাপাত কৰে যেন বোধ হয় ৷

কৰ্ণাটক আৰু তেলেংগানাত কংগ্ৰেছৰ দ্বাৰা পৰিচালিত প্ৰচাৰ অভিযানবোৰ একে ধৰণৰ আছিল কিয়নো দুয়োখন ৰাজ্যতে শাসনব্যৱস্থাৰ কথিত দুৰ্নীতি আৰু প্ৰক্ষেপিত কল্যাণমূলক গেৰাণ্টিৰ ওপৰত আলোকপাত কৰিছিল যিয়ে জনসাধাৰণৰ সৈতে তাৎক্ষণিক সম্পৰ্ক স্থাপন কৰা যেন লাগিছিল ৷ আমোদজনক ভাৱে, কানুগলু পূৰ্বে বিজেপিৰ কেইবাটাও নিৰ্বাচনী প্ৰচাৰত জড়িত আছিল ৷ 2018 চনত, তেওঁ কৰ্ণাটকত বিজেপিৰ সৈতে কাম কৰিছিল আৰু দলটোৱে 104 খন আসনলাভ কৰি একক সৰ্ববৃহৎ দল হ'বলৈ সক্ষম হৈছিল ৷

2014 চনত নৰেন্দ্ৰ মোদীৰ প্ৰচাৰৰ লগতে উত্তৰ প্ৰদেশ আৰু গুজৰাটত দলৰ ৰাজনৈতিক প্ৰচাৰৰ ক্ষেত্ৰতো তেওঁ কাম কৰিছিল ৷ মেককিনজীৰ প্ৰাক্তন পৰামৰ্শদাতা কানুগলুৱে ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনৰ সৈতেও জড়িত আছিল আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দলটোৰ ‘নামাক্কু নাম’ (আমি নিজৰ বাবে) প্ৰচাৰ তদাৰক কৰিছিল ৷ 2021 চনত তেওঁ ডি এম কেৰ বিৰুদ্ধেও এ আই এ ডি এম কেৰ সৈতে কাম কৰি তামিলনাডু বিধানসভা নিৰ্বাচনত দলটোক 75 খন আসন লাভ কৰাত নেতৃত্ব দিয়ে ৷

কানুগলুৱে যোৱা বছৰ কংগ্ৰেছত যোগদান কৰিছিল আৰু কৰ্ণাটকৰ প্ৰচাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল ৷ যোৱা বছৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ ক্ৰছ কান্টি ‘ভাৰত জোড়ো যাত্ৰা’ৰ কৌশল ৰচনা কৰাৰ কৃতিত্বও তেওঁক দিয়া হয় ৷ কৰ্ণাটক আৰু তেলেংগানা কংগ্ৰেছৰ হাতত তুলি দিয়া কানুগলুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৱে অধিক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :চন্দ্ৰশেখৰৰ ছন্দ পতন: মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ

ABOUT THE AUTHOR

...view details