অসম

assam

ETV Bharat / bharat

বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ দুই অভিযুক্তৰ জামিন - বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ দুই অভিযুক্তৰ জামিন

দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা "বুল্লী বাই" আৰু "চুল্লী ডিলছ" গোচৰৰ দুই মূল অভিযুক্ত ক্ৰমে ঔমকাৰেশ্বৰ ঠাকুৰ আৰু নীৰজ বিষ্ণৈক জামিন প্ৰদান (Bulli Bai and Sulli Deals accused granted bail)। দিল্লীৰ এখন আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰে দুই অভিযুক্তৰ । বুল্লী বাই গোচৰৰ মূল অভিযুক্ত নীৰজ বিষ্ণৈক ৬ জানুৱাৰীত অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চুল্লী ডিলছ এপটোৰ নিৰ্মাতা ঔমকাৰেশ্বৰ ঠাকুৰক ৮ জানুৱাৰীত মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।

Sulli Deals
বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ দুই অভিযুক্তৰ জামিন

By

Published : Mar 29, 2022, 3:13 PM IST

নেশ্যনেল ডেস্ক,২৯ মাৰ্চ :"বুল্লী বাই"(Bulli Bai case) আৰু "চুল্লী ডিলছ"(Sulli Deals case) গোচৰৰ মূল অভিযুক্ত ঔমকাৰেশ্বৰ ঠাকুৰ আৰু নীৰজ বিষ্ণৈক জামিন প্ৰদান । সোমবাৰে দিল্লীৰ এখন স্থানীয় আদালতে জামিন মঞ্জুৰ কৰে দুয়োগৰাকী অভিযুক্তৰ (Bulli Bai app creators granted bail)। ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ (এফএছএল) ফলাফল আৰু মধ্যস্থতাকাৰীসকলৰ উত্তৰৰ বাবে দীঘলীয়া অপেক্ষাৰ বাবে দুয়ো অভিযুক্তৰ জামিন মঞ্জুৰ কৰা বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ উপ-আয়ুক্ত কে.পি.এছ. মালহোত্ৰাই জনোৱা মতে, আদালতে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু তদন্তত কোনো ত্ৰুটি নাই বুলি অভিহিত কৰিছে । মালহোত্ৰাই লগতে কয় যে আদালতে মানৱীয় দৃষ্টিভংগীৰ ফালৰ পৰা জামিন মঞ্জুৰ কৰিছে । লগতে এইটোও বিবেচনা কৰা হৈছে যে অভিযুক্তসকলে প্ৰথমবাৰৰ বাবে কোনো অপৰাধ কৰিছে ৷ সেয়ে এই কাৰাবাস তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব বুলিও বিবেচনা কৰা হৈছে ।

বুল্লী বাই গোচৰৰ মূল অভিযুক্ত নীৰজ বিষ্ণৈক ৬ জানুৱাৰীত অসমৰ পৰা গ্ৰেপ্তাৰ কৰাৰ (Buli Bai case main accused Neeraj Bishnoi arrested) লগতে চুল্লী ডিলছ এপটোৰ নিৰ্মাতা ঔমকাৰেশ্বৰ ঠাকুৰক ৮ জানুৱাৰীত মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।

উল্লেখ্য যে, দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই এপটো ইতিমধ্যে চৰকাৰে বন্ধ কৰিছে । এই এপটোৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সম্মান হানি কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল । ইফালে আৰক্ষীয়ে দিল্লীৰ স্থানীয় আদালতত ৪ মাৰ্চত বুল্লী বাই গোচৰত ২,০০০ পৃষ্ঠা আৰু চুল্লী ডিলছ গোচৰত ৭০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল ।

লগতে পঢ়ক :বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ অভিযোগনামা দাখিল

ABOUT THE AUTHOR

...view details