নেশ্যনেল ডেস্ক,৩০ জুলাই :ছত্তীশগড়ত এগৰাকী ম'ষ্ট ৱাণ্টেড মহিলা মাওবাদীয়ে আত্মসমৰ্পণ কৰে । বস্তাৰ বিভাগৰ সুকমা জিলাত আত্মসমৰ্পণ কৰে মহিলা মাওবাদীগৰাকীয়ে । মহিলা মাওবাদীগৰাকীৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । আৰক্ষীয়ে পৰিচালনা কৰা 'নতুন পুৱা নতুন আৰম্ভণি' অভিযান আৰু ছত্তীশগড় চৰকাৰৰ পুনৰ্সংস্থাপন নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলা মাওবাদীগৰাকীয়ে শ্বহীদ সপ্তাহৰ দ্বিতীয় দিনা আত্মসমৰ্পণ কৰে । মহিলা মাওবাদীগৰাকীৰ ওপৰত সুকমা আৰক্ষীয়েও ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।
টংপাল মহকুমা আৰক্ষী বিষয়া টমেশ বাৰ্মাই কোৱা মতে সুকমা আৰক্ষীয়ে মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত নতুন পুৱা নতুন আৰম্ভণি শীৰ্ষক এক অভিযান আৰম্ভ কৰিছিল । তাৰ অংশ হিচাবে আৰক্ষীয়ে নিৰন্তৰ অভিযান চলাই আছে । এই সময়ছোৱাত, সক্ৰিয় মাওবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱা হৈছে । এই সন্দৰ্ভত বিভিন্ন স্থানত বেনাৰ পোষ্টাৰো লগোৱা হৈছে । ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ দান্তেৱাড়া-সুকমাৰ সীমান্ত অঞ্চলত ১৫ বছৰ ধৰি সক্ৰিয় হৈ থকা মহিলা মাওবাদীগৰাকীয়ে আত্মসমৰ্পণ কৰে ।