নিউজ ডেস্ক, ৭ ডিচেম্বৰ: শ্ৰী ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীক দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰাৰ ৩০ ঘন্টাৰ পাচত তেওঁৰ পত্নী শীলা শ্বেখাৱতে গোচৰ ৰুজু কৰে । শ্যামনগৰ আৰক্ষী থানাত দাখিল কৰা এফআইআৰত বিদায়ী মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ডিজিপিৰ নামো উল্লেখ কৰিছে গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে । ইয়াৰ পাচতেই নিশা প্ৰতিবাদস্থলীত উপস্থিত হৈ শীলা শ্বেখাৱতে প্ৰতিবাদৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে । লগতে শ্যাম নগৰ থানাৰ বিষয়া মনীষ গুপ্তা আৰু এজন বিট কনিষ্টবলৰ নিলম্বন কৰাৰ তথ্য সদৰী কৰে ।
বিধায়ক মনোজ ন্যাংগালীয়ে গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ৰ দ্বাৰা কৰাবলৈ সহমতত উপনীত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজপুত সমাজে ৭২ ঘণ্টাৰ চৰমসীমা প্ৰদান কৰিছে । মহিপাল সিং মকৰানা, কৰ্ণী সেনাৰ বিষয়া আৰু আৰক্ষীৰ মাজত হোৱা আলোচনাত সকলো দাবীৰ ওপৰত সহমত হোৱা বুলি ঘোষণা কৰে গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে । ইফালে এছ এম এছ হাস্পতালত গোগামেড়ীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । জানিব পৰা মতে, আজি অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ জন্ম গাঁও গোগামেড়ীত শেষকৃত্য সম্পন্ন কৰা হ’ব । অন্তিম দৰ্শনৰ বাবে আজি গোগামেড়ীত তেওঁ পাৰ্থিৱ দেহ ৰখা হ'ব ।
সুখদেৱ সিং গোগামেড়ীক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ কথা ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত পঞ্জাৱ আৰক্ষীয়ে ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ লিখি অৱগত কৰা বুলি গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে তেওঁৰ অভিযোগনামাত উল্লেখ কৰে ৷ ইমানবোৰ তথ্য দিয়াৰ পিচতো ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি দায়িত্বশীল বিষয়াসকলে ইচ্ছাকৃতভাৱে গোগামেড়ীক নিৰাপত্তা প্ৰদান নকৰাৰ কথা অভিযোগনামা উল্লেখ কৰা হয় ৷