নিউজ ডেস্ক, 10 নৱেম্বৰ:দিল্লীৰ মণ্ডোলী কাৰাগাৰত থকা সুকেশ চন্দ্ৰশেখৰে (Sukesh Chandrashekhar) পুনৰ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ আন এখন পত্ৰ লিখিছে ৷ পত্ৰখনত সুকেশ চন্দ্ৰশেখৰে তেওঁ আৰু তেওঁৰ পত্নীক দিল্লীৰ বাহিৰৰ কোনোবা কাৰাগাৰলৈ বদলি কৰিব লাগে (Shift him to jail outside Delhi) বুলি দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক অনুৰোধ জনাইছে (Sukesh Chandrashekhar appeals to LG ) ৷
লগতে আম আদমী পাৰ্টিৰ নেতাৰ বিৰুদ্ধে অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অহৰহ ভাবুকি আৰু হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰি কাৰাগাৰৰ ভিতৰত চি আৰ পি এফ জোৱানে তেওঁক ইয়াৰ বাবে আক্ৰমণ কৰা বুলিও এই পত্ৰযোগে জানিবলৈ দিয়ে সুকেশ চন্দ্ৰশেখৰে ৷ এই অহৰহ ভাবুকি আৰু হেঁচা দিয়াৰ অভিযোগৰ গোচৰত সুকেশ চন্দ্ৰশেখৰে আম আদমী পাৰ্টিৰ নেতা কৈলাশ গেহলটৰ নাম উল্লেখ কৰিছে (Threats from AAP leaders ) ৷
মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও সুকেশে উপ-ৰাজ্যপাললৈ (Lieutenant Governor of Delhi ) প্ৰেৰণ কৰা এখন পত্ৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনৰ নাম উল্লেখ কৰিছিল । তেওঁ অভিযোগ উত্থাপন কৰিছে যে আম আদমি পাৰ্টিৰ নেতাসকলে অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ তেওঁক দাবী জনায় । আনকি দুদিন পূৰ্বেও জেলৰ পৰা লিখা চতুৰ্থখন পত্ৰত সুকেশ চন্দ্ৰশেখৰে জেল প্ৰশাসন আৰু দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ভাবুকি আৰু হেঁচাত আইনৰ আশ্ৰয় লোৱাটো সঠিক বুলি ভাবে বুলি অভিযোগ কৰিছিল ।
এই পত্ৰত সুকেশে কয় যে তেওঁ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ শিষ্য নহয় । লগতে লেফটেনেণ্ট গৱৰ্ণৰলৈ লিখা চিঠিখন ভুল হ’লে যিকোনো আইনী যুদ্ধ কৰিবলৈ তেওঁ সাজু বুলি সুকেশে মন্তব্য কৰে ৷ আনকি তাৰ বাবে ফাঁচী দিব লগা হ’লেও তেওঁ এই যুদ্ধৰ বাবে সাজু বুলি জনায় ৷ কিন্তু যদি মুখ্যমন্ত্ৰীয়ে তেওঁক মিছলীয়া বুলি প্ৰমাণ কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁ পদত্যাগ কৰক । সমগ্ৰ বিষয়টোৰ ওপৰত চিবিআইৰ তদন্ত হ’ব লাগে বুলি সুকেশে দাবী জনায় ৷
তাৰোপৰি তেওঁ গোচৰৰ তদন্ত চলি থকাৰ সময়তে কাৰাগাৰ প্ৰশাসন আৰু সত্যেন্দ্ৰ জৈনে পঞ্জাৱ আৰু গোৱা নিৰ্বাচনৰ বাবে ভাবুকি আৰু হেঁচা প্ৰয়োগ কৰি ধন বিচাৰিছিল বুলি সদৰী কৰে ৷ অহৰহ ভাবুকিৰ বাবে বিচলিত হৈ তেওঁ আইনৰ আশ্ৰয় লৈ লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰত অভিযোগ কৰে ৷