অসম

assam

ETV Bharat / bharat

WB BJP react on Anant Maharaj: অনন্ত মহাৰাজক উভতি ধৰিছে পশ্চিমবংগ বিজেপিয়ে - Union Minister of State for Home Affairs

কেন্দ্ৰীয় চৰকাৰে উত্তৰবংগক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে বুলি অনন্ত মহাৰাজে মন্তব্য় কৰাৰ পিছতেই সৰৱ হৈছে পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ । তেওঁ অনন্ত মহাৰাজৰ মন্তব্য়ৰ বিৰোধিতা কৰি কয় যে অনন্ত মহাৰাজ ৰাজনৈতিক নেতা নহয় (WB BJP react on Anant Maharajas Comment) ।

GBPA demand
অনন্ত মহাৰাজক উভতি ধৰিছে পশ্চিম বংগ বিজেপিই

By

Published : Nov 5, 2022, 6:22 PM IST

নিউজ ডেস্ক, ৫ নৱেম্বৰ: বৃহত্তৰ কোচবিহাৰ পিপ'লছ এছ'চিয়েশ্যনৰ (Greater Coch Bihar Peoples Association) নেতা অনন্ত ৰয়ক( অনন্ত মহাৰাজ) লৈ ব্য়াপক চৰ্চা হৈছিল । কাৰণ তেওঁক সাক্ষাৎ কৰিবলৈ ৰয়ৰ গৃহত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । অনন্ত ৰয় হৈছে উত্তৰ বংগৰ কাৰাটয়া নদীৰ পৰা অসমৰ কেইবাটাও অংশক লৈ বৃহত্তৰ কোচবিহাৰ ৰাজ্য়ৰ দাবীত কৰা আন্দোলনৰ অন্য়তম নেতা । এইগৰাকী নেতাই শেহতীয়া ভাৱে এই সন্দৰ্ভত কৰা মন্তব্য়ৰ পিছতেই জাঙুৰ খাই উঠিছে পশ্চিমবংগ বিজেপিৰ নেতাসকল ।

পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে (West Bengal BJP president) নেতা অনন্ত মহাৰাজৰ উত্তৰবংগক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ দাবী নাকচ কৰিছে। শুকুৰবাৰে নিশা মজুমদাৰে শিলিগুৰিত এই সন্দৰ্ভত মন্তব্য় কৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশিত প্ৰমানিকৰ (Union Minister of State for Home Affairs) সৈতে ব্যক্তিগত বৈঠকৰ পিছত অনন্ত মহাৰাজে ( Anant Maharaj) এক বিস্ফোৰক দাবী কৰি কৈছিল যে কেন্দ্ৰীয় চৰকাৰে উত্তৰবংগক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে । ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুকান্ত মজুমদাৰে কয়, "অনন্ত মহাৰাজ ৰাজনৈতিক নেতা নহয়,তেওঁ এজন ধৰ্মীয় গুৰুহে । তেওঁৰ মন্তব্যৰ উত্তৰ দিয়াটো আমাৰ কাম নহয়।" অৱশ্যে কেন্দ্ৰই এতিয়ালৈকে কোনো প্ৰস্তাৱ প্ৰেৰণ কৰা নাই বুলি কয় মজুমদাৰে ।

ইফালে,কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমে বংগ বিভাজন সন্দৰ্ভত অনন্ত মহাৰাজ আৰু নিশিত প্ৰমানিকৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Kolkata Mayor Firhad Hakim)। তেওঁ কয়,"যদি বংগ বিভক্ত হয়, আমি ইয়াক তেজেৰে বন্ধ কৰিম । আৰ এছ এছ আৰু ব্ৰিটিছে একেলগে এবাৰ বংগক বিভক্ত কৰিছিল,আমি ইয়াক পুনৰ হ'বলৈ নিদিওঁ ।" কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে অবিভক্ত ভাৰত হৈ থাকিব আৰু দাৰ্জিলিঙৰ পৰা সাগৰলৈকে অবিভক্ত বংগ হিচাপে থাকিব বুলি হাকিমে স্পষ্ট কৰি দিয়ে ।

অনন্ত ৰয় আৰু তেওঁৰ সংগঠনৰ মূল দাবী হৈছে যে ১৯৪৯ চনত কোচবিহাৰৰ ৰজাই স্বাক্ষৰ কৰা চুক্তিখন গ্ৰহণ কৰা হোৱা নাছিল । ভাৰত চৰকাৰে কোচবিহাৰক এখন জিলা হিচাপেহে গঢ়িছে । কিন্তু ইয়াক এখন পৃথক ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ তেওঁলোকে দাবী জনাই আছে ।

লগতে পঢ়ক:Independent Indias First Voter Shyam Saran Negi Dies : স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই

ABOUT THE AUTHOR

...view details