আগৰতলা, 2 জানুৱাৰী : ত্ৰিপুৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ উত্তম ত্ৰিপুৰা নামৰ লোকজনৰ বাবে প্ৰস্তুত কৰা চিতাত আত্ম বলিদান দিবলৈ চেষ্টা চলাইছে উত্তম ত্ৰিপুৰাৰ পত্নীয়ে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, ত্ৰিপুৰাত 10,323 গৰাকী ভেন্সাৰ শিক্ষকৰ ভিতৰত এগৰাকী হৈছে উত্তম ত্ৰিপুৰা ৷ যি গৰাকী শিক্ষকে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পিচতে নিজৰ চাকৰি হেৰুওৱাবলগীয়া হৈছিল ৷ যি গৰাকী শিক্ষকে নিজৰ লগতে আন 10,323 গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে দীৰ্ঘ সময়ৰ পৰাই বিভিন্ন মাধ্যমৰ জৰিয়তে চেষ্টা অব্যাহত ৰাখিছিল ৷ ইয়াৰ উপৰিও উত্তম ত্ৰিপুৰাৰ ব্যক্তিগত বহু ঋণে জুৰুলা কৰিছিল ৷
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দক্ষিণ ত্ৰিপুৰা জিলাৰ ৰাজাবাড়ি আৰক্ষী থানাৰ অন্তৰ্গত উবাংগচেৰা অঞ্চলৰ লোকজনে নিজৰ শোৱনি কোঠাত ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিছে ৷ উত্তম কুমাৰে পত্নী আৰু দুই সন্তানক মোমায়েকৰ ঘৰলৈ পঠিয়াই দি আত্মহত্যা কৰিছে ৷ পৰৱৰ্তী সময়ত শনিবাৰে পত্নীয়ে ঘটনা সন্দৰ্ভত অবগত হোৱাৰ পিচত পত্নী চৌফালী ত্ৰিপুৰাই স্বামীৰ চিতাত আত্মজাহ দিয়াৰ বাবে চেষ্টা চলাইছিল ৷ আনহাতে, স্বামীৰ আত্মহত্যাৰ বাবে পত্নীয়ে ঋণ দিয়া ব্যক্তিসকলক দোষী সাব্যস্ত কৰিছে ৷