অসম

assam

By

Published : Feb 22, 2021, 2:17 PM IST

ETV Bharat / bharat

মংগল অভিযানৰ সফলতাৰ আঁৰৰ কাহিনী

মাত্ৰ এসপ্তাহৰ ভিতৰতে তৃতীয়বাৰৰ বাবে মংগল গ্ৰহত নাছাৰ ৰ'ভাৰৰ অৱতৰণ । ১৮ ফেব্ৰুৱাৰীত ৰঙা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহত নাছাৰ ৰ'ভাৰে অৱতৰণ কৰিছিল । মংগল গ্ৰহত জীৱৰ অস্তিত্ব সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে এয়া এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ।

সফল মংগল অভিযানৰ আঁৰৰ কাহিনী
সফল মংগল অভিযানৰ আঁৰৰ কাহিনী

নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী: প্ৰথমবাৰৰ বাবে মংগল গ্ৰহত ৰ'ভাৰৰ অৱতৰণৰ দৃশ্যৰ ওচৰৰ পৰা তোলা আলোকচিত্ৰ চোৱাৰ সুযোগ লাভ কৰিলে বিশ্ববাসীয়ে । নাছাই শেহতীয়াকৈ মুকলি কৰিছে নতুন ৰ'ভাৰ ৰঙা গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰাৰ আশ্চৰ্যজনক আলোকচিত্ৰ ।

সফল মংগল অভিযানৰ আঁৰৰ কাহিনী

সফলভাৱে নাছাৰ ৰ'ভাৰে প্ৰাচীন ব-দ্বীপৰ সমীপত অৱতৰণ কৰে আৰু অৱতৰণৰ এখন আলোকচিত্ৰ নাছাই ৰাজহুৱা কৰিছে ।

সফল মংগল অভিযানৰ আঁৰৰ কাহিনী

এই স্থানতে প্ৰাচীন জীৱনৰ প্ৰমাণ বিচাৰি অনুসন্ধান চলোৱা হ'ব । লগতে এটা দশকৰ ভিতৰত নমুনা হিচাপে পৃথিৱীলৈ আনিবলগীয়া শিলবোৰ একাষৰীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হ'ব ।

সফল মংগল অভিযানৰ আঁৰৰ কাহিনী

আনহাতে, যোৱা সপ্তাহত আৰৱ আৰু চীনৰ পৰা যোৱা দুখন মহাকাশযানে মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰা তথ্য পোৱা গৈছে ।

পৃথিৱী আৰু মংগল গ্ৰহ অধিক কাষ চপাৰ অপেক্ষা কৰি যোৱা বছৰ জুলাই মাহত এই অভিযান স্থগিত ৰখা হৈছিল । যোৱা ৭ মাহত ই ৩০০ নিযুত মাইল যাত্ৰা কৰিছে ।

লগতে পঢ়ক:উন্নাও কাণ্ড : বৰ্খা দত্ত পৰিচালিত টুইটাৰ একাউন্টৰ বিৰুদ্ধে গোচৰ

ABOUT THE AUTHOR

...view details