আগৰতলা,২৩ মাৰ্চ :ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডত আন এক সফলতা । সফলতাৰে এগৰাকী ৬৪ বছৰীয়া ব্যক্তিৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে জিবি পণ্ট হাস্পতালৰ চিকিৎসকসকলে (Successful heart surgery at GBP hospital in Tripura)। ১৪ মাৰ্চত সম্পন্ন হৈছে এই জটিল অস্ত্ৰোপচাৰ ।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ অন্তৰ্গত শান্তিৰবজাৰ মহকুমাৰ পূব চৰকবাই গাঁৱৰ ৬৪ বছৰীয়া ব্যক্তিগৰাকী হৃদযন্ত্ৰৰ বিভিন্ন সমস্যাৰ সৈতে জিবি পণ্ট চিকিৎসালয়ৰ কাৰ্ডিঅ'-থ’ৰাচিক (Cardio-Thoracic) আৰু ভাস্কুলাৰ চাৰ্জাৰী আৰু ইণ্টাৰভেনচনেল বিভাগত (Vascular Surgery and Interventional Department) ভৰ্তি হৈছিল । বিশেষজ্ঞ চিকিৎসকসকলে প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা নিশ্চিত কৰে আৰু হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় ।