নেশ্যনেল ডেস্ক,৬ জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকলাপত অসন্তুষ্ট দলৰে জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামী । বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে বুধবাৰে চেন্নাই বিমানবন্দৰত এক সংবাদমেল সম্বোধন কৰি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকলাপৰ বিষয়ে সাংবাদিকক অৱগত কৰি কয় যে কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । প্ৰধানমন্ত্ৰী মোডীয়ে এইটো নক'বলৈ কয় । কিন্তু এইখন এখন গণতান্ত্ৰিক দেশ । সেয়েহে, সকলোৰে যিকোনো লোকক সমালোচনা কৰাৰ অধিকাৰ আছে বুলিও তেওঁ দাবী কৰে ।
জ্যেষ্ঠ নেতাগৰাকীৰ মতে প্ৰধানমন্ত্ৰী মোডী মণিপুৰৰ হিংসাত প্ৰতিহত কৰাত বিফল হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল বিদেশলৈ যাবলৈহে আগ্ৰহী বুলিও বিজেপি নেতাগৰাকীয়ে সমালোচনা কৰে । প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী মানুহৰ কল্যাণৰ প্ৰতি আগ্ৰহী নহয় । আমেৰিকালৈ যোৱাটো কিয় জৰুৰী বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁ আমেৰিকাৰ পৰা ভাৰতক কি দিলে বুলি প্ৰশ্ন কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে । ইফালে ২০২৪ চনৰ লোকসভাত বিজেপি জয়ী হ'ব যদিও মোডীয়ে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নে নাই তাৰ নিশ্চিয়তা নাই বুলিও উল্লেখ কৰে সুব্ৰমনিয়াম স্বামীয়ে ।