নিউজ ডেস্ক, 24 জুন :ছেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেশ্যন ধ্বংসৰ কাৰ্যত সাই ডিফেন্স একাডেমীৰ সঞ্চালক চুব্বাবাও জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে ৰেলৱে আৰক্ষীয়ে ৷ এই কথা প্ৰকাশ কৰিছে এক বিভাগীয় সূত্ৰই ৷ চূড়ান্ত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ চুব্বাৰাৱে সমগ্ৰ পৰিস্থিতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকা বুলি অভিযোগ তুলিছে ৰেল আৰক্ষীয়ে (Subbarao involved in agitation against Agnipath schem)৷
যোৱা 16 জুনত গুন্টুৰৰ পৰা আহি হায়দৰাবাদত উপস্থিতি হৈছিল চুব্বাৰাও ৷ তেওঁৰ সহযোগীসকলৰ সৈতে ছেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেশ্যনৰ সমীপৰ এখন হোটেলত আশ্ৰয় গ্ৰহণ কৰিছিল চুব্বাৰাৱে ৷ তেওঁৰ দুজন ঘনিষ্ঠ অনুৰাগীয়ে সেনাৰ চাকৰি প্ৰত্যাশীসকলক (Agnipath Recruitment Scheme) চহৰখনত উপস্থিত হ'বলৈ সহায় কৰিছিল আৰু তেওঁলোকৰ সৈতে আলোচনা কৰিছিল ৷
তেওঁ চাকৰি প্ৰত্যাশীসকলক ষ্টেচনলৈ গৈ প্ৰতিবাদ কৰিবলৈ নিৰ্দেশ দিছিল । সতৰ্কতামূলক ব্যৱস্থা হিচাপে, চুব্বাৰাৱে তেওঁৰ অনুগামীসকলক সমগ্ৰ প্ৰতিবাদ কালত মুখা পিন্ধিবলৈ কৈছিল (Protests against Agnipath scheme)।
ৰেলৱে আৰক্ষীয়ে জনোৱা মতে, ধ্বংস কাৰ্য আৰম্ভ হোৱাৰ লগে লগেই গুন্টুৰলৈ পলায়ন কৰে চুব্বাৰাৱে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, অগ্নিপথ আঁচনিৰ বিৰুদ্ধে চলা এই প্ৰতিবাদ আৰু হিংসাত্মক কাৰ্যত জড়িত আছিল চুব্বাৰাও ৷ ঘটনা সংঘটিত হোৱাৰ আধা এক-ডেৰ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে ফোন নম্বৰ আৰু হোৱাটচ্ এপ গ্ৰুপ সমূহ পৰীক্ষা কৰে ৷
প্ৰতিবাদকাৰীৰ দ্বাৰা গঠন কৰা 8 টা হোৱাটচ্ এপ গ্ৰুপৰ ভিতৰত চাৰিটাত অন্তৰ্ভুক্ত হৈ আছিল চুব্বাৰাও ৷ যেতিয়া তেওঁৰ নম্বৰটো ডায়েল কৰাত লগে লগে চুব্বাৰাৱে ম’বাইলটো অফ কৰি দিয়ে ৷ ইয়াৰ লগতে তেওঁৰ সমৰ্থক সকলক পলাবলৈও সজাগ কৰি দিয়ে চুব্বাৰাৱে ৷ আৰক্ষীয়ে চুব্বাৰাৱে আশ্ৰয় লোৱা হোটেললৈ যায় যদিও ইতিমধ্যে হোটেল এৰি পলায়ন কৰিছিল চুব্বাৰাৱে ৷
চুব্বাৰাও হৈছে ছেকেন্দ্ৰাবাদৰ হিংসাত্মক কাৰ্যৰ অন্যতম অভিযুক্ত ৷ যোৱা 19 জুনত গুন্টুৰৰ পৰা আটক কৰে চুব্বাৰাওক ৷ সূত্ৰ অনুসৰি, চুব্বাৰাওক প্ৰথম অৱস্থাত এই প্ৰতিবাদ আৰু হিংসাত্মক ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে ৷ ইতিমধ্যে তেওঁক হায়দৰাবাদলৈ অনা হৈছে ৷ অনুৰাগীৰ স্বীকাৰোক্তিৰ বিপৰীতে চুব্বাৰাৱে বাৰম্বাৰ অশ্বীকাৰ কৰিছে এই ঘটনাত জড়িত থকাৰ কথা ৷
লগতে পঢ়ক :Decoding Agnipath protests : কৃষি ব্যৱস্থাৰ হতাশা অগ্নিপথ আন্দোলনৰ অন্যতম কাৰণ