নেশ্যনেল ডেস্ক, ৮ আগষ্ট :ক'ভাক্সিন (Covaxin) আৰু ক'ভিশ্বিল্ড (Covishield) দুয়োটা প্ৰতিষেধক যদি এগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰে তাৰ ফলাফল কি হ'ব ? ইয়াক লৈ বহু বিতৰ্ক চলি থকাৰ মাজতে এক আশাৰ খবৰ । এই দুয়োটা প্ৰতিষেধকৰ সংমিশ্ৰনে অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত ইমিউনোজেনিচিটিৰ (immunogenicity) ফলাফল ভাল হয় ।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) ১৮ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি চলোৱা পৰীক্ষাৰ অন্তত এই তথ্য পোহৰলৈ আহিছে । গৱেষণাৰ অন্তত পৰিষদে এই আশাৰ খবৰটো প্ৰকাশ কৰিছে । অধ্যয়ন অনুসৰি, এডেনোভাইৰাছ ভেক্টৰ প্লেটফৰ্ম আধাৰিত ভেকচিনৰ সংমিশ্ৰণৰ দ্বাৰা টীকাকৰণৰ কৰাৰ পাছত ভাইৰাছ সম্পূৰ্ণৰূপে নিস্ক্ৰিয় কৰাৰ লগতে ৰোধ প্ৰতিৰোধ ক্ষমতাও উন্নত হয় ।
উত্তৰ প্ৰদেশত একাংশ ব্যক্তিয়ে প্ৰথম পালি (First dose) হিচাপে ক'ভিশ্বিল্ড লাভ কৰিছিল আৰু তাৰ পিছত ছয় সপ্তাহৰ ব্যৱধানত অসাৱধানতাভাৱে দ্বিতীয় পালি (Second dose) ক'ভাক্সিন গ্ৰহণ কৰিছিল । যাৰ বাবে ইয়াৰ ফলাফল অধ্যয়নৰ বাবে সেইসকল ব্যক্তিৰ ওপৰত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে গৱেষণা চলাইছিল ।