অসম

assam

ETV Bharat / bharat

Meitie students killed: মণিপুৰৰ ইম্ফলত দুই মেইটেই শিক্ষাৰ্থীৰ হত্যাৰ প্ৰতিবাদ; মুখ্যমন্ত্ৰীৰ CBI তদন্ত ঘোষণা - মেইটেই শিক্ষাৰ্থীৰ হত্যা

দুই মেইটেই ছাত্ৰ-ছাত্ৰীক কুকি উগ্ৰপন্থীয়ে হত্যা কৰাক কেন্দ্ৰ কৰি ইম্ফলত শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছিল শিক্ষাৰ্থীদ্বয় ৷ মঙলবাৰে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা, কন্দোৱা গেছ নিক্ষেপ ৷

Meitie students killed
Meitie students killed

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:18 PM IST

Updated : Sep 28, 2023, 1:55 PM IST

তেজপুৰ,২৬ ছেপ্টেম্বৰ: ইম্ফলত নিৰুদ্দেশ হোৱা দুগৰাকী মেইটেই ছাত্ৰ-ছাত্ৰীৰ মৃত্যুক লৈ মঙলবাৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ইম্ফলত প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদত ৩০ জনতকৈ অধিক ছাত্ৰ আহত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰে ।

ইফালে, প্ৰতিবাদী কাৰ্যসূচীত লিন্থোইংমাবিৰ নামৰ ছাত্ৰীগৰাকীৰ দেউতাকে কয়,‘‘মোৰ ছোৱালীক ন্যায় দিয়ক, ৭ দিনৰ ভিতৰত অপৰাধীক উলিয়াই দিব লাগিব ।’’

কুকি উগ্ৰপন্থীয়ে নিৰুদ্দেশ হোৱা দুই মেইটেই ছাত্ৰ-ছাত্ৰী ফিজাম হেমানজিৎ সিং (২০) আৰু হিজাম লিন্থোইংগাম্বিক (১৭) নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । লিন্থ’ইংমাবিৰ পিতৃয়ে ৭ দিনৰ ভিতৰত হত্যাকাৰীক বিচাৰি উলিয়াবলৈ দাবী জনায় আৰু দোষীসকলক জবাবদিহি কৰিব লাগিব বুলি মৃত ছাত্ৰীগৰাকীৰ পিতৃয়ে প্ৰতিবাদী কাৰ্যসূচীত দাবী কৰে ।

আনহাতে মুখ্যমন্ত্ৰীৰ সচিবালয়ে এক বিবৃত্তিত সোমবাৰে জনায় যে ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে জুলাই মাহৰ পৰা নিৰুদ্দেশ হৈ থকা ফিজাম হেমজিৎ (২০ বছৰ) আৰু হিজাম লিন্থোইংগাম্বী (১৭ বছৰ) নামৰ দুই ছাত্ৰ-ছাত্ৰীৰ ফটো ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে । উল্লেখযোগ্য যে এই গোচৰটো ইতিমধ্যে ৰাজ্যবাসীৰ ইচ্ছামতে CBIৰ হাতত গতাই দিয়া হৈছে ।

ৰাজ্যিক আৰক্ষীয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ সহযোগত তেওঁলোকৰ নিৰুদ্দেশৰ পৰিস্থিতি নিৰ্ণয় কৰাৰ লগতে শিক্ষাৰ্থী দুগৰাকীক হত্যা কৰা অপৰাধীক চিনাক্ত কৰিবলৈ এই গোচৰৰ সক্ৰিয় তদন্ত কৰি আছে । নিৰাপত্তা বাহিনীয়েও দোষীক আটক কৰিবলৈ তালাচী অভিযানো আৰম্ভ কৰিছে ।

এই দুখজনক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে জনসাধাৰণক আশ্বাস দিয়ে যে ফিজাম হেমজিৎ আৰু হিজাম লিন্থোইংগাম্বীৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত সকলোৰে বিৰুদ্ধে ক্ষীপ্ৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ন্যায়ৰ প্ৰাধান্য নিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই জঘন্য অপৰাধৰ বাবে দায়ী বুলি ধৰা পৰা যিকোনো অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিব । চৰকাৰে জনসাধাৰণক সংযম কৰিবলৈ আৰু কৰ্তৃপক্ষক তদন্তত সহায় কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:SC on delay in Judges Appointment : ন্যায়াধীশ নিযুক্তিত পলম হোৱাৰ বাবে উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Last Updated : Sep 28, 2023, 1:55 PM IST

ABOUT THE AUTHOR

...view details