অসম

assam

ETV Bharat / bharat

বিদ্যালয়লৈ গা ধুই নহাৰ বাবে কি শিক্ষা পালে কণ কণ শিক্ষাৰ্থীয়ে ?

Bareilly Viral Video: বিদ্যালয়ত ছাত্ৰ জীৱনৰ আদিপাঠ প্ৰদান কৰা হয় বুলি কোৱা হয় ৷ বিদ্যালয়ত লাভ কৰা নীতি শিক্ষাই এগৰাকী লোকক জীৱনটো শৃংখলাবদ্ধ হিচাপে চলিবলৈ সহায় কৰে ৷ এইবাৰ গা নোধোৱাৰ বাবেই শাস্তি লাভ কৰিলে কেইটামান কণ কণ ছাত্ৰই ৷

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:18 AM IST

Student Bathing Video Viral
গা ধুই নহাৰ বাবে বিদ্যালয়তে গা ধুৱালে শিক্ষাৰ্থীক

গা ধুই নহাৰ বাবে বিদ্যালয়তে গা ধুৱালে শিক্ষাৰ্থীক

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : এই ঠেঁটুৱৈ লগা শীতত গা ধোৱাটো এক প্ৰত্যাহ্বানস্বৰূপ ৷ কেৱল শিশুৱে নহয় বহুতো লোকে ঠাণ্ডাৰ প্ৰকোপত গা নোধোৱাকৈ থাকে ৷ এনেক্ষেত্ৰত প্ৰায়ে শিশুসকলে শীতকালত পুৱা বিদ্যালয়লৈ আহিলে গা ধুবলৈ মন নকৰে ৷ কিন্তু এইবাৰ গা নোধোৱাৰ বাবেই শাস্তি লাভ কৰিলে কেইটামান কণ কণ ছাত্ৰই ৷ উত্তৰ প্ৰদেশৰ বৰেলীৰ এটা এনেকুৱা ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷

সোমবাৰে বৰেলীৰ ফৰিদপুৰ আৰক্ষী থানা অঞ্চলৰ ছত্ৰপতি শিৱাজী ইণ্টাৰ কলেজত প্ৰাৰ্থনা সভা চলি থকা সময়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীয়ে গা ধুই আহিছিলনে নাই সুধিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত, কিছু শিশুৱে গা ধুই অহা নাই বুলি হাত দাঙিছিল ৷ তাৰ পিচতে ছাত্ৰকেইজনক কিয় গা ধুই অহা নাই বুলি সোধাত বুলি ঠাণ্ডাৰ কাৰণে গা ধুই অহা নাই বুলি উত্তৰ দিয়ে ৷

ইয়াৰ পিছত, শিক্ষাৰ্থীসকলক অনুশাসনৰ পাঠ শিকোৱাৰ উদ্দেশ্যে আৰু মনৰ পৰা ঠাণ্ডাৰ ভয় আঁতৰাবলৈ বিদ্যালয়খনৰ অধ্যক্ষই বিদ্যালয়খনতেই থকা পাম্পিং ছেটৰ টেংকত গা ধুই আহিবলৈ কয় ৷ অধ্যক্ষগৰাকীৰ নিৰ্দেশনা অনুসৰি ছাত্ৰকেইজনে বিদ্যালয়ৰ পাম্পিং ছেটত গা ধোৱে ৷ অধ্যক্ষ ৰণবিজয় সিং যাদৱৰ এই পদক্ষেপ এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ কাৰণ হৈ পৰেছে ৷ অধ্যক্ষগৰাকীয়ে শিক্ষাৰ্থীকেইজনে গা ধুই থকাৰ ভিডিঅ’ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷

ইয়াৰ পিচতে কিছু লোকে এই ভিডিঅ’টোক ইতিবাচক হিচাপে লৈছে যদিও কিছু লোকে এই ভিডিঅ’ক সমালোচনা কৰিছে ৷ এই পদক্ষেপে শিশুসকলক বিদ্যালয়লৈ গা ধুই আহিবলৈ অনুপ্ৰাণিত কৰিব বুলি অধ্যক্ষগৰাকীয়ে সামাজিক মাধ্যমযোগে পোষ্ট কৰিছিল ৷

লগতে পঢ়ক:মহানগৰীৰ মালিগাঁৱৰ পৰা সন্দেহজনক আলফা (স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details