নেশ্যনেল ডেস্ক, 12 আগষ্ট:দিল্লীত ৰাখী বন্ধনৰ(Raksha Bandhan) পবিত্ৰ দিনটোতেই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ভগ্নীৰ হাতৰ পৰা ৰাখী পিন্ধি ককায়েক যুৱৰাজে মিঠাই আনিবলৈ বুলি ঘৰৰ সমীপৰে এখন মিঠালৈ দোকানলৈ গৈছিল ৷ কিন্তু ঘৰলৈ ঘূৰি আহিল যুৱৰাজৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা নিঠৰ দেহ (Delhi Murder case) ৷
দিল্লীৰ শ্বাহাদাৰা জিলাৰ যুৱৰাজে তেওঁৰ ভগ্নী আৰু পিতৃ-মাতৃৰ লগত বাস কৰিছিল ৷ দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল যুৱৰাজে ৷ শুকুৰবাৰে পুৱা মিঠাই আনিবলৈ যাওঁতেই তিনি বন্ধুৱে কথা পাতি থকা দেখি সেই আড্ডাত ভাগ লৈছিল যুৱৰাজে ৷ যুৱৰাজৰ এজন বন্ধুৰ সেই অঞ্চলৰে এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ৷ সেই সম্পৰ্কে তিনি বন্ধুৰে কথা পাতি থকাৰ মাজতে চাৰিওৰে মাজত তৰ্কযুদ্ধৰ সৃষ্টি হয় ৷
লগেলগে তিনি বন্ধুৱে হাতত এখন ছুৰী লৈ প্ৰথমে যুৱৰাজৰ বাওঁ উৰুত আঘাত কৰিছিল ৷ তাৰ পিছতেই যুৱৰাজৰ সমস্ত শৰীৰত চুৰিকাঘাত কৰে তিনি বন্ধুৱে ৷ এই ঘটনা সংঘটিত কৰিয়েই তাৰ পৰা পলাই যায় তিনি অভিযুক্ত ৷