নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ: দীপাৱলীৰ পাচতে দিল্লীৰ বায়ুৰ গুণগত মান নিম্নগামী হোৱা দেখা গৈছে যদিও প্ৰদূষণ বৃদ্ধি হোৱাৰ আন এক কাৰণো পোহৰলৈ আহিছে । বায়ুৰ গুণগত মান পূৰ্বানুমান কৰা চৰকাৰী সংস্থা এছ এ এফ এ আৰৰ তথ্য মতে, দিল্লীত পাৰ্টিকুলেট মেটাৰ-২.৫ৰ ভিতৰত ৩৬ শতাংশ প্ৰদূষণ খেতি পথৰাত নৰা জ্বলোৱাৰ বাবে হৈছে । সংস্থাটোৰ মতে, এইটো ঋতুত হোৱা প্ৰদূষণৰ এয়াই সৰ্বাধিক মাত্ৰা । সামগ্ৰিকভাৱে দিল্লীৰ বায়ুৰ গুণগত মান 'গুৰুতৰ' শ্ৰেণীত আছে ।
এছ এ এফ এ আৰৰ প্ৰতিষ্ঠাপক তথা প্ৰকল্প সঞ্চালক গুফ্ৰান বেইগৰ মতে, খেতিপথৰাত শস্য চপোৱাৰ পাচত থকা অৱশিষ্ট অংশ জ্বলোৱাৰ বাবে হোৱা প্ৰদূষণ ৩৬ শতাংশ হৈছেগৈ । তেওঁ বায়ুৰ গুণগত মান উন্নীত হোৱাৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰি কয় যে, বৰ্তমান বতাহৰ গতিবেগ বৃদ্ধি পাইছে আৰু সেয়ে, প্ৰদূষকৰ দ্ৰুত বিচ্ছুৰণ সম্ভাৱনা আছে । আতচবাজিৰ পৰা হোৱা প্ৰদূষণ যদি হ্ৰাস হয় তেন্তে আজি নিশাৰ ভিতৰত বাায়ুৰ গুণগত মান গুৰুতৰ শ্ৰেণীৰ পৰা 'অতি বেয়া' শ্ৰেণীলৈ উন্নীত হোৱাৰ সম্ভাৱনা প্ৰকট কৰে গুফ্ৰান বেইগে । অৱশ্যে, শনিবাৰ পৰ্যন্ত খেতিপথাৰত শস্যৰ অৱশিষ্ট বাবে হোৱা প্ৰদূষণৰ মাত্ৰা একে থাকিব বুলি তেওঁ কয় ।
বৃহস্পতিবাৰে, দিল্লীত পিএম ২.৫ৰ ২৫ শতাংশ প্ৰদূষণ খেতিপথাৰত জুই জ্বলোৱাৰ বাবে বাঢ়িছিল । যোৱা বছৰৰ ৫ নৱেম্বৰত খেতিপথাৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বাবে দিল্লীত হোৱা প্ৰদূষণ আছিল ৪২ শতাংশত ।