নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: জটিলৰ পৰা মধ্যম শ্ৰেণীলৈকে উন্নীত হৈছে দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক । বতাহৰ গতিবেগ বঢ়াৰ বাবে ক্ৰমাৎ হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা আৰু ইয়াতকৈও অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ৰাজধানী চহৰখনত বায়ুৰ গুণগত মানৰ সূচাংক বৃহস্পতিবাৰে আবেলি ৪ বজাত ৩০২ আছিল । শুক্ৰবাৰে দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক ১৩১ লৈ উন্নীত হয় ।
বুধবাৰে ২৪ ঘণ্টাত বায়ুৰ গুণগত মানৰ সূচাংক আছিল ৪১৩ আৰু জটিল শ্ৰেণীৰ ভিতৰত পৰে । বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত সন্তোষজনক, ১০১-২০০ৰ ভিতৰত মধ্যম, ২০১-৩০০ৰ ভিতৰত বেয়া, ৩০১-৪০০ৰ ভিতৰত বহুত বেয়া আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে জটিল পৰিস্থিতি বুলি গণ্য কৰা হয় । বতাহৰ গতি বৃদ্ধি আৰু জাবৰ-জোথৰ জ্বলোৱাৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেই দিল্লীত পৰিষ্কাৰ আকাশ দেখিবলৈ পোৱা গৈছে । সাধাৰণতে, নিশা বতাহৰ গতিবেগ যথেষ্ট কম হৈ থাকে ।