নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত ভাৰতত অক্সিজেনৰ তীব্ৰ নাটনি দেখা দিছে । উত্তৰ প্ৰদেশতো অক্সিজেনৰ তীব্ৰ নাটনি দেখা দিছে । অক্সিজেনৰ অভাৱত আত্মীয়সকলে জীৱন মৰণেৰে যুঁজি থকাৰ দৃশ্য সঁচাকৈ হৃদয় বিদাৰক । বুকু কঁপি উঠা এই দৃশ্য । আত্মীয়জনক নেহেৰুৱাবলৈ মুজাফৰ নগৰত দীঘলীয়া শাৰী পাতি অক্সিজেনৰ বাবে ৰৈ আছে ৰোগীসকলৰ পৰিয়াল, আত্মীয়-স্বজন । ইয়াৰ পাচতো কোনো কোনো লোকে খালী হাতেৰে প্ৰিয়জনৰ কাষলৈ উভতিবলগীয়া হৈছে ।
উত্তৰ প্ৰদেশত অক্সিজেনৰ তীব্ৰ নাটনি - কৰ’ণা ভাইৰাছৰ ভয়াৱহতা
চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ক’ভিড আক্ৰান্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ পাচতহে ৰোগীসকলক অক্সিজেন যোগান ধৰা হয় । আত্মীয়জনক নেহেৰুৱাবলৈ মুজাফৰ নগৰত দীঘলীয়া শাৰী পাতি অক্সিজেনৰ বাবে ৰৈ আছে ৰোগীৰ পৰিয়াল, আত্মীয়-স্বজন ।
উত্তৰ প্ৰদেশতো অক্সিজেনৰ তীব্ৰ নাটনি
উক্ত অঞ্চলৰ প্ৰতিটো অক্সিজেন সংস্থাত নাই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন । গাজিয়াবাদৰ পৰাও অক্সিজেনৰ বাবে অজস্ৰ লোক মুজাফৰ নগৰলৈ আহিছে । অক্সিজেনৰ অভাৱৰ ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বুলি জনাই ৰামা অক্সিজেন গেছ সংস্থাৰ কৰ্মচাৰীয়ে । কিন্তু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ক’ভিড আক্ৰান্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ পাচতহে ৰোগীসকলক অক্সিজেন যোগান ধৰা হয় । জিলা প্ৰশাসনেও এই সমস্যা সমাধানৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে ।
লগতে পঢ়ক: জন্মু-কাশ্মীৰৰ ১১ জিলাত লক ডাউন