অসম

assam

By

Published : Jun 7, 2023, 7:13 PM IST

ETV Bharat / bharat

Street dog terror : ৰাজপথৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী শিশু

উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত কুকুৰৰ ত্ৰাস ৷ ৱাজিৰগঞ্জত ৰাজপথৰৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুগৰাকী শিশু (Street dog terror in Lucknow) ৷

Street dog terror in Lucknow
ৰাজপথৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী শিশু

নিউজ ডেস্ক, 7 জুন: কুকুৰৰ পৰা সাৱধান হওক ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত কুকুৰৰ ত্ৰাস ৷ ৰাজপথত কুকুৰৰ ভয়ত ওলাব নোৱাৰা হৈছে লোক (Lucknow street dog terror)৷ মঙলবাৰে বিয়লি ৱাজিৰগঞ্জ আৰক্ষী থানা অন্তৰ্গত এটা অঞ্চলত ৰাজপথৰৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুগৰাকী কিশোৰী ৷ সম্প্ৰতি দুয়োগৰকী শিশুকে হাস্পতালত ভৰ্তি কৰা হৈছে (Street dog terror in Lucknow) ৷

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে বিয়লি ৱাজিৰগঞ্জৰ বাসিন্দা দীপু সোণকাৰ আৰু তেওঁৰ ভাতৃৰ দুয়োগৰাকী কন্যাই প্ৰতিদিনৰ দৰে ঘৰৰ বাহিৰৰ ৰাজপথতেই খেলি আছিল (Dogs bite two girls) ৷ তেনেকুৱাতে হঠাতে ৰাজপথত এদল কুকুৰে আহি অতৰ্কিতে দুয়োগৰাকী শিশুক আক্ৰমণ কৰে ৷ শিশুক দুগৰাকীয়ে চিঞৰ বাখৰ কৰাত লগে লগে ঘৰৰ লোকে বাহিৰলৈ আহি দেখি শিশুক দুগৰাকীক কুকুৰৰ দলটোৱে কামুৰি থকা দেখা পায় (Two girls injured by dog bites) ৷

তৎক্ষণাত পৰিয়ালৰ লোকে কিশোৰী দুগৰাকীক কুকুৰৰ দলটোৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷ অতি কষ্টৰ মূৰত শিশুক দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘৰৰ লোক ৷ আহত শিশু দুগৰাকী পৰিধি সোণকাৰ (৯) আৰু মিষ্টি সোণকাৰ (১০) বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি দুয়োকে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (street dog terror in Lucknow)৷

উল্লেখ্য যে, লক্ষ্ণৌত সঘনাই কুকুৰৰ আক্ৰমণৰ বাবে, লোকসকে শিশুসকলক ঘৰৰ পৰা ওলাবলৈ নিদিয়া হৈছে ৷ কেৱল এয়াই নহয়, মানুহে কুকুৰৰ ত্ৰাসত লাঠি লৈ ৰাজপথত পহৰা দিব লগা হৈছে।

স্থানীয় লোকে কোৱা অনুসৰি ৰাজ্যখনৰ বহু ঠাইত জন্তু গোপনে হত্যা কৰি অৱশিষ্টবোৰ যধে মধে পেলাই দিয়াৰ ফলত পথৰ কুকুৰবোৰে সেইবোৰ খাই হিংসাত্মক হৈ পৰিছে। যেতিয়া কুকুৰবোৰে মাংস নাপায়, তেতিয়া সিহঁতে শিশুক আক্ৰমণ কৰে। ৰাজধানী চহৰখনত যোৱা দুমাহত এনে ধৰণৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইমানৰ পিচতো চহৰখনৰ অঞ্চলসমূহত পৌৰ নিগমৰ বিষয়াসককে কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

লগতে পঢ়ক:Firing at Lucknow court: লক্ষ্ণৌ আদালতৰ চৌহদত অধিবক্তাৰ ভেশত গেংষ্টাৰ জীৱাক গুলীয়াই হত্যা

ABOUT THE AUTHOR

...view details