নেশ্যনেল ডেস্ক, ২৪ জুন: আজি আকাশত দৃশ্যমান হ'ব 'Strawberry Moon' ৷ আমেৰিকাৰ মহাকাশ সংস্থা NASA(National Aeronautics and Space Administration)এ এই তথ্য প্ৰকাশ কৰিছে ৷ ভাৰতীয় সময় মতে, ২৪ জুন অৰ্থাৎ বৃহস্পতিবাৰৰ আকাশ শুৱনি কৰিব জোনৰ ষ্ট্ৰবেৰী ৰঙে । বসন্ত ঋতুৰ শেষৰটো পূৰ্ণিমা বুলি গণ্য কৰা হয় আজিৰ দিনটো ।
প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি ২.৪০ বজাৰ পৰা 'Strawberry Moon' ৰ সময় আৰম্ভ হ'ব আৰু ভাৰতত ২৫ জুনৰ মাজনিশা ১২.১০ বজাৰ পৰা 'Strawberry Moon' দৃশ্যমান হ'ব । শনিবাৰে পুৱা পৰ্যন্ত ভাৰতৰ আকাশত 'Strawberry Moon' দেখিবলৈ পোৱা যাব ৷ পৃথিৱীৰ অধিকাংশ অংশতে এই 'Strawberry Moon' দৃশ্যমান হ'ব ।
বিজ্ঞানভিত্তিক তথ্য অনুসৰি, নাম অনুসৰি আজিৰ দিনটোত জোনটো ষ্ট্ৰবেৰীৰ দৰে হৈ নাযায় । চন্দ্ৰই নিজৰ কক্ষপথতে থাকি পৃথিৱীৰ কিছু ওচৰ চাপি আহিব আৰু তুলনামূলকভাৱে চন্দ্ৰটো আকাৰত কিছু পৰিমাণে ডাঙৰ হোৱা পৰিলক্ষিত হ'ব । আনহাতে, 'Strawberry Moon' নামটোৰ আঁৰত থকা কাহিনী অনুসৰি এই নামটো ইউৰোপীয় দেশৰ পৰা আহিছিল আৰু বৰ্তমান এই নামটোৱেই চৰ্চাত আছে ।