দিল্লীত ক্ৰমান্বয়ে দেখা দিয়া অক্সিজেন সংকটৰ তীব্ৰ প্ৰকট সন্দৰ্ভত হোৱা এক শুনানিত শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে ব্যক্ত কৰে 'ইমানদিনে আমি ক’ভিডক এক ঢৌ বুলিহে অভিহিত কৰি আছিলো ৷ প্ৰকৃততে ই এক চুনামীহে ৷ যোৱাটো বৰ্ষত দেশত প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী জানুৱাৰী মাহত ধৰা পৰিছিল ৷ তাৰ পাচত এই মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৫ লাখৰ ঘৰ পাৰ হ’বলৈ ছমাহ সময় লাগিছিল ৷ সম্প্ৰতি, দ্বিতীয় ঢৌ বুলি অভিহিত কৰা এই ঢৌত আক্ৰান্তৰ সংখ্যা মাত্ৰ এসপ্তাহৰ ভিতৰতে ২৬ লাখৰ ঘৰ অতিক্ৰম কৰে ৷ এই সময়চোৱাতে মৃতকৰ সংখ্যা হৈছিলগৈ ২৩,৮০০ জন লোক ৷ চৰকাৰী তথ্য অনুসৰি, মাৰ্চ মাহত ৫,৪১৭ জন ক’ভিড আক্ৰান্তই মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল ৷ উক্ত চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে যে, এই মহামাৰীৰ কবলত কেৱল এপ্ৰিল মাহতে ৪৫,০০০ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে' ৷
বৰ্তমান কৰ’ণাত আক্ৰান্ত হোৱা ৩৪ জন ৰোগীৰ সৈতে ভাৰতবৰ্ষত ক’ভিড আক্ৰান্তৰ সংখ্যাই ২ কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ এই সমগ্ৰ তথ্যসমূহে অৱধাৰিত এক গম্ভীৰ সামাজিক সংকটৰ দিশে লৈ গৈছে ৷ কেইবাটাও বিদেশী সন্থাই সকীয়াই দিছে যে চলিত মাহত ভাৰতবৰ্ষত প্ৰতিদিনে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই দহ লাখৰ ঘৰ চুবগৈ । তাৰ সমান্তৰালকৈ প্ৰতিদিনে মৃত্যু হ'বলগীয়া লোকৰ সংখ্যা হ’বগৈ ৫ হাজাৰ ৷ এই তথ্য প্ৰকাশ পোৱাৰ পাচতেই দেশজুৰি এক সৰ্বাত্মক লক ডাউনৰ দাবী পুনৰ উত্থাপন হ’বলৈ ধৰিছে ৷ কেন্দ্ৰৰ মতে, ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ ৭৩ শতাংশই হৈছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ, ৰাজস্থান, ছত্তিশগড় আৰু দিল্লীৰ ৷ দেশৰ যিকেইখন জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱা দেখা গৈছে সেই ১৫০ খন জিলাত কঠোৰ লক ডাউন বলৱৎ কৰাৰ হেঁচা প্ৰয়োগ কৰা দেখা দৈছে ৷
শেহতীয়াকৈ হাৰিয়ানা আৰু ওড়িশাত লক ডাউন ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৷ কেইবাখনো ৰাজ্যই সান্ধ্য আইন বলৱৎ কৰাৰ লগতে কঠোৰ নীতি-নিয়ম ঘোষণা কৰিছে ৷ তৎস্বত্বেও মহামাৰীবিধক বশ কৰিব পৰা নাই ৷ ইতিমধ্যে কেইবাখনো দেশে ভাৰতবৰ্ষৰ পৰা অন্য দেশসমূহলৈ যিকোনো লোকৰ যাতায়ত ব্যৱস্থা বন্ধ কৰিছে ৷ ঠিক তেনেদৰে দেশখনেও অন্য দেশৰ পৰা ভাৰতলৈ অহা লোকৰ যাতায়ত বন্ধ কৰিছে ৷ মহামাৰীবিধৰ সংক্ৰমণৰ শৃংখলা ভংগ কৰিবৰ বাবে কেন্দ্ৰই ৰাজ্যসমূহৰে আলোচনা কৰি লক ডাউন বলৱৎ কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে বিবেচনা কৰা উচিত ৷