নিউজ ডেস্ক, ২ আগষ্ট :এই বছৰ দেশে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th years of Indian Independence)। যাৰ বাবে ইতিমধ্যে দেশজুৰি চলি আছে বছৰজোৰা বিভিন্ন কাৰ্যসূচী । স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষক উদযাপন কৰা হৈছে 'আজাদী কা অমৃত মহোৎসৱ' (Azadi ka Amrit Mahotsav) হিচাবে । তাৰ লগতে পালন কৰা হ'ব 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী । এই কাৰ্যসূচীত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰত স্বাধীনতা দিৱসৰ সপ্তাহটোৰ তিনি দিন ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান জনাইছে কোন্দ্ৰীয় চৰকাৰে ।
আনহাতে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক তেওঁলোকৰ প্ৰফাইল ছবিত ৰাষ্ট্ৰীয় পতাকা থকাৰ আহ্বান জনাইছে ২ আগষ্টৰ পৰা । কিন্তু ইয়াৰ বাবে এই ২ আগষ্ট তাৰিখটো বাছনি কৰাৰ এক নিৰ্দিষ্ট কাৰণ আছে । সেইটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুতকৰ্তা পিংগালি ভেংকায়াৰ আজি জন্মদিন (Designer of Indian National flag Pingali Venkayya) । সেয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাবলৈকে আজিৰ দিনটোৰ পৰা সকলো ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক নিজৰ প্ৰফাইলত জাতীয় পতাকা ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ । জানো আহক জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুতকৰ্তাগৰাকীৰ বিষয়ে কিছু কথা ।
পিঙ্গালী ভেঙ্কায়াৰ জন্ম ১৮৭৬ চনৰ ২ আগষ্টত (Pingali Venkayya born in 2 August 1876) । তেওঁ এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল । তেওঁ মহাত্মা গান্ধীৰ এজন কট্টৰ অনুগামী আৰু ভাৰতীয় জাতীয় পতাকা যিটো আৰ্হিৰ ওপৰত আধাৰ কৰি প্ৰস্তুত কৰা হৈছে সেই পতাকাৰ ডিজাইনাৰ আছিল । তেওঁ মছলিপট্টনমৰ ওচৰৰ ভাটলাপেনুমাৰুত এটি তেলেগু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল । বৰ্তমান উক্ত অঞ্চলটো অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত । মাদ্ৰাজত স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত তেওঁ স্নাতক ডিগ্ৰী লাভৰ বাবে কেমব্ৰিজ বিশ্ববিদ্যালয়লৈ যায় ।
উল্লেখ্য, ১৯৪৭ চনত দেশে স্বাধীনতা অৰ্জন কৰাৰ পূৰ্বে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সদস্যসকলে বিভিন্ন আৰ্হিৰ ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিছিল । কৃষ্ণা জিলাৰ পৰা অহা পিংগালি ভেঙ্কায়াই ৰাষ্ট্ৰীয় পতাকাৰ এক আৰ্হি প্ৰস্তুত কৰিছিল আৰু ১৯২১ চনৰ ১ এপ্ৰিলত বিজয়ৱাড়া চহৰ ভ্ৰমণৰ সময়ত মহাত্মা গান্ধীক উপহাৰ দিছিল (Pingali Venkayya presented design of National Flag to Mahatma Gandhi) ।
পিঙ্গালী ভেঙ্কায়া এগৰাকী কৃষকৰ উপৰি এজন শিক্ষাবিদো আছিল, যিয়ে মছলিপট্টনমত এখন শিক্ষানুষ্ঠান স্থাপন কৰিছিল । কিন্তু ১৯৬৩ চনত তেওঁ দৰিদ্ৰতাৰ বাবে মৃত্যুবৰণ কৰিছিল আৰু সমাজে তেওঁক বহু পৰিমাণে পাহৰি গৈছিল । ২০০৯ চনত তেওঁক স্মৰণ কৰিবলৈ এটা ডাক টিকট প্ৰৱৰ্তন কৰা হৈছিল আৰু ২০১১ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল । অৱশ্যে কেন্দ্ৰৰ দ্বাৰা প্ৰস্তাৱটোৰ ওপৰত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ১৯৬৩ চনৰ ৪ জুলাইত তেওঁৰ মৃত্যু হয় ।