নেশ্যনেল ডেস্ক,২৪ অক্টোবৰ : এইবাৰ ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । বংগোপসাগৰত গভীৰ চাপৰ পাছতে সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহ 'হামুন'ৰ । ইৰাণে নাম দিয়া এই 'হামুন' এক পাৰ্চী শব্দ । যাৰ অৰ্থ 'আভ্যন্তৰীণ মৰুভূমি হ্ৰদ' । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে জনোৱা মতে ঘূৰ্ণীবতাহ 'হামুন' উত্তৰ-পশ্চিম বংগোপসাগৰত গভীৰ চাপৰ ফলত সৃষ্টি হৈছে ।
পৰৱৰ্তী কেইঘণ্টামানৰ ভিতৰত ই অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব বুলি আশংকা কৰা হৈছে । অৱশ্যে উত্তৰ-পূবৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত ঘূৰ্ণীবতাহ 'হামুন' ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । আৰু ২৫ অক্টোবৰৰ সন্ধিয়া খেপুপাৰা আৰু চিটাগঙৰ মাজত বাংলাদেশ উপকূলত 'হামুন' ঘূৰ্ণীবতাহে খুন্দা মৰাৰ সম্ভাৱনা আছে । সেই সময়ত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৬৫-৭৫ কিলোমিটাৰ হ'ব ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ 'হামুন' উত্তৰ-পশ্চিম বিঅ'বিৰ ওপৰেৰে প্ৰতি ঘণ্টাত ২১ কিলোমিটাৰ গতিবেগেৰ উত্তৰ-পূব দিশে আগবাঢ়িছে আৰু ২৪ অক্টোবৰত একেটা অঞ্চলৰ ওপৰত ৫:৩০ বজাত খুন্দা মাৰে ।