নিউজ ডেস্ক, 7 মে’: বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি শনিবাৰে দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণীবতাহৰ । বতৰ বিজ্ঞানীসকলৰ মতে অহা সপ্তাহত এই অঞ্চলটোত এক তীব্ৰ ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে ৷ দক্ষিণ-পূব বংগোপসাগৰ আৰু চুবুৰীয়া অঞ্চলত নিম্ন আৰু মধ্য ট্ৰোপোস্ফেৰিক স্তৰত ঘূৰ্ণীবতাহৰ প্ৰৱাহ আছে ৷ ইয়াৰ প্ৰভাৱত, 8 মে'ৰ ভিতৰত একেটা অঞ্চলতে নিম্ন চাপৰ এলেকা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই (Cyclone Mocha low pressure forming) ৷
বংগোপসাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহজাকৰ নাম মোচা ৷ য়েমেনৰ দ্বাৰা এই মোচা নামটো প্ৰদান কৰা হৈছে । মোচা লোহিত সাগৰৰ পাৰত অৱস্থিত এখন উপকূলীয় চহৰ ৷ যিখন চহৰে 500 বছৰৰ আগতে বিশ্বত কফি প্ৰৱৰ্তন কৰিছিল বুলি জনা যায় ৷ আই.এম.ডি. প্ৰতিবেদন অনুসৰি, 8 মে'ৰ ভিতৰত একেটা অঞ্চলতে নিম্ন-চাপৰ এলেকা বিকশিত হোৱাৰ সম্ভাৱনা আছে (Storm brewing in Bay of Bengal) ৷
আই.এম.ডি.-ৰ শেহতীয়া পূৰ্বানুমানত কোৱা হৈছে যে নিম্ন-চাপ প্ৰণালীটো 9 মে'ৰ আশে পাশে আৰু অধিক তললৈ যোৱাৰ সম্ভাৱনা আছে ৷ 9 মে’ৰ আশে-পাশে নিম্ন চাপ দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে ৷ তাৰ পিছত ই তীব্ৰতৰ হৈ ঘূৰ্ণীবতালৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ লগতে ই প্ৰায় উত্তৰ দিশলৈ মধ্য বংগ উপসাগৰৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ৷ আইএমডিৰ প্ৰতিবেদনত কোৱা হৈছে যে নিম্ন চাপৰ এলেকা গঠন হোৱাৰ পিছত, ইয়াৰ (ঘূৰ্ণীবতাহ) পথ আৰু তীব্ৰতাৰ বিৱৰণ প্ৰদান কৰা হ'ব, ইতিমধ্যে এই সম্বন্ধে নিৰন্তৰ আৰু নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছে (Cyclone Mocha) ৷