নেশ্যনেল ডেস্ক,22 আগষ্ট: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কনভয়ত আক্ৰমণ(Nitish Kumar's convoy attacked)৷ সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গয়া ভ্ৰমণ কৰাৰ কথা ৷ গয়া ভ্ৰমণৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়লৈ দুৰ্বৃত্তৰ দলে শিলগুটি নিক্ষেপ কৰা ঘটনাই সৃষ্টি কৰিছে বিশেষ চাঞ্চল্যৰ ৷
দেওবাৰে বিহাৰৰ ৰাজধানী পাটনাত দুৰ্বৃত্তই আক্ৰমণ চলায় মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ত ৷ চহৰখনৰ গৌৰীচ'ক থানাৰ সমীপৰ সম্পাটচ'ক ব্লকৰ অন্তৰ্গত সোহগী গাঁৱৰ সমীপত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷
অৱশ্যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত কনভয়টোত উপস্থিত নাছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী ৷ গয়া ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিলাষী ৰবৰ বান্ধ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ খৰাং পৰিস্থিতি পৰ্যালোচনা কৰাৰো সম্ভাৱনা আছে(Nitish Kumar's Gaya Visit)। মুখ্যমন্ত্ৰীগৰাকীৰ গয়া ভ্ৰমণৰ সময়ছোৱাত স্থানীয় এলেকাবোৰত নিৰাপত্তাৰ দিশটো পৰিদৰ্শন কৰাৰ বাবে কনভয়টো পাটনাৰ পৰা গয়ালৈ ৰাওনা হৈছিল (Bihar CM Nitish Kumar)৷ উক্ত সময়ছোৱাতে সংঘটিত হয় এই হিংসাত্মক ঘটনাটো ৷ উন্মত্ত দুৰ্বৃত্তৰ দলটোয়ে কনভয়টোৰ দুখনকৈ গাড়ীত শিলগুটিৰ লগতে লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷