নিউজ ডেস্ক, 18 জানুৱাৰী :কলকাতাত সোমবাৰে বিজেপিৰ এটা ৰোড শ্ব‘ত শিল আৰু ইটাৰে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে, দক্ষিণ কলকাতাত সোমবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে এক ৰোড শ্ব‘ৰ আয়োজন কৰি টল্লীগাঙৰ পৰা ৰসবেহাৰী অভিমুখে গৈ আছিল ৷ বিজেপিৰ উক্ত ৰেলীত উপস্থিত আছিল বিজেপি নেতা সুভেন্দু অধিকাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ লগতে অন্য কেইবাগৰাকীও নেতা ৷
কলকাতাত বিজেপিৰ ৰোড শ্ব'ত ইটা-শিলেৰে আক্ৰমণ - Kolkata
দক্ষিণ কলকাতাত ভাৰতীয় জনতা পাৰ্টীৰ ৰোড শ্ব‘ত ইটা আৰু শিলেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ এই আক্ৰমণত কেবাখনো বাহন ক্ষতিগ্ৰস্ত হয় ৷

কলকাতাত বিজেপিৰ ৰোড শ্ব'ত ইটা-শিলেৰে আক্ৰমণ
সমদলটো আহি চাৰু মাৰ্কেটৰ সমীপত উপস্থিত হোৱাৰ লগে লগে একাংশ দুষ্কৃতিকাৰীয়ে সমদলকাৰীলৈ লক্ষ্য কৰি শিল-ইটা আদি দলিওৱা আৰম্ভ কৰে ৷ এই আক্ৰমণৰ ঘটনাত কেবাখনো বাহন ক্ষতিগ্ৰস্ত হয় বুলিও জানিব পৰা গৈছে ৷
লগতে পঢ়ক: অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ