অসম

assam

ETV Bharat / bharat

Eid Milad procession clash : ঈদ মিলাদৰ শোভাযাত্ৰাত উত্তেজনা, শিৱমোগাত ১৪৪ ধাৰা জাৰি - Clashes in Eid Milad procession

কৰ্ণাটকৰ শিৱমোগাত ঈদ মিলাদৰ শোভাযাত্ৰাত আক্ৰমণ । ঘৰ আৰু বাহনত শিল নিক্ষেপ দুৰ্বৃত্তৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা । অঞ্চলটোত ১৪৪ ধাৰা জাৰি । ঘটনা সন্দৰ্ভত প্ৰায় ৪০ গৰাকী লোকক আটক ।

Eid Milad procession clash
ঈদ মিলাদৰ শোভাযাত্ৰাত উত্তেজনা

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:05 PM IST

নেশ্যনেল ডেস্ক,২ অক্টোবৰ :কৰ্ণাটকৰ শিৱমোগা জিলাত তীব্ৰ উত্তেজনা । দেওবাৰে ঈদ মিলাদৰ শোভাযাত্ৰাৰ সময়ত উত্তেজনাৰ সৃষ্টি হয় । একাংশ ক্ষোভিত লোকে বাসগৃহ আৰু বাহনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে । ফলস্বৰূপে একাংশ লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । যাৰ বাবে প্ৰশাসনে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে ঈদ মিলাদৰ শোভাযাত্ৰাৰ সময়ত শিলাবৰ্ষণৰ উৰাবাতৰি পোহৰলৈ অহাৰ পাছতে উত্তেজনা বৃদ্ধি হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আটক কৰিছে ।

মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে ৪০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ মতে চৰকাৰে এনে কাৰ্যকলাপ সহ্য নকৰে । মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই কয় যে ঈদ মিলাদৰ শোভাযাত্ৰা চলি থকাৰ সময়তে একাংশ দুৰ্বৃত্তই শিল নিক্ষেপ কৰে । তেওঁলোকে আৰক্ষীৰ ওপৰতো শিল নিক্ষেপ কৰে ।

ইফালে আৰক্ষীয়ে জনোৱা মতে শান্তিনগৰ-ৰাগিগুড্ডাত ঈদ মিলাদৰ শোভাযাত্ৰা উলিওৱা হৈছিল । য'ত দুৰ্বৃত্তৰ এটা দলে কিছুমান বাহন আৰু ঘৰত শিল নিক্ষেপ কৰে । শিৱমোগাৰ আৰক্ষী অধীক্ষক জি কে মিথুন কুমাৰে কোৱা মতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে আৰু ঘটনাটোৰ সময়ত আঘাতপ্ৰাপ্ত আৰক্ষী কৰ্মীৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে ।

আৰক্ষী অধীক্ষকৰ মতে এই ঘটনাত কিছুমান বাহন আৰু ঘৰ ক্ষতিগ্ৰস্ত হয় । অঞ্চলটোৰ চিচিটিভি ফুটেজ আৰু সাক্ষীসকলৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি একাংশ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে বুলিও এছ পি মিথুন কুমাৰে উল্লেখ কৰে ।

এগৰাকী আৰক্ষী বিষয়াই কোৱা মতে উত্তেজিত লোকসকলক ছত্ৰভঙ্গ দিবলৈ লাঠীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে । ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড একচন ফ'ৰ্চকে ধৰি অতিৰিক্ত বাহিনী ঘটনাস্থলীত মোতায়েন কৰা হৈছে । ঘটনাটোৰ পাছতে স্থানীয় বিধায়ক চান্নাবাচাপ্পাইও সেই ঠাই পৰিদৰ্শন কৰে আৰু পৰিস্থিতি পৰ্যালোচনা কৰে । তেওঁ অভিযোগ কৰা মতে ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল । ইয়াক লৈ কোনো শংকিত হ'ব নালাগে আৰু প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক :Clash between TMPK leader and businessman : যুৱ ব্যৱসায়ীক TMPK নেতাই আক্ৰমণ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details