নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: ভাৰত নেপাল সীমান্তত ভয়ংকৰ ঘটনা ৷ নেপালৰ ধাৰচুলা অঞ্চলত ভাৰতীয় শ্ৰমিকৰ ওপৰত নেপালৰ পৰা নিৰন্তৰ শিল নিক্ষেপ কৰা হৈছে(pithoragarh stone pelting) ৷ ধাৰচুলাত বেষ্টনীৰ কামত নিয়োজিত ভাৰতীয় শ্ৰমিকসকলৰ ওপৰত হোৱা শিলাবৰ্ষণৰ ফলত এখন ডাম্পাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এজন চালক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Stone pelting at Indian workers)৷
জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাৰ ভাষ্য অনুসৰি- "পিথোৰাগড়ৰ ধাৰচুলাত বেষ্টনীৰ কামত নেপালৰ পৰা অহৰহ শিল নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল (Stone pelting from Nepal side)৷ এই শিলাবৰ্ষণৰ ফলত আমাৰ কাম 10-15দিন পিছুৱাই কৰিবলগীয়া হৈছিল ৷ কামৰ সময়ত যদি এই পৰিস্থিতি অব্যাহত থাকে, তেন্তে আমাৰ কাম কৰিবলৈ অসুবিধা হ'ব ৷ অচিৰেই শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিব লাগে (embankment work in Dharchula) ৷ এই ঘটনাত এতিয়ালৈকে 2 খনকৈ ডাম্পাৰ ক্ষতিগ্ৰস্ত হৈছে ৷"
ঘটনা অনুসৰি যোৱা 4 ডিচেম্বৰত নেপালী লোকে কালী নদীৰ ওপৰত নিৰ্মাণ কৰি থকা পথৰ বিৰোধিতা কৰি ভাৰতীয় শ্ৰমিকসকলৰ ওপৰত শিল নিক্ষেপ কৰিছিল(embankment construction on Kali river)৷ শিলৰ আঘাতত এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷