অসম

assam

ETV Bharat / bharat

Idols smuggling : আমেৰিকাৰ সংগ্ৰহালয়ত উদ্ধাৰ তামিলনাডুৰ আপুৰুগীয়া মূৰ্তি - বিগ্ৰহ চুৰি

আমেৰিকাৰ নিউয়ৰ্ক চিটী সংগ্ৰহালয়ৰ (New York city Museum) পৰা উদ্ধাৰ ভাৰতৰ পৰা চুৰি হোৱা আপুৰুগীয়া মূৰ্তি। ১১ শতিকাৰ এই মূৰ্তিকেইটা চুৰি হৈছিল তামিলনাডুৰ এটা মন্দিৰৰ পৰা ।

Idols Smuggling
Stolen Idols

By

Published : Jun 18, 2022, 9:13 PM IST

নেচনেল ডেস্ক, ১৮ জুন :আমেৰিকাৰ নিউয়ৰ্ক চিটী সংগ্ৰহালয়ৰ (New York city Museum) পৰা উদ্ধাৰ ভাৰতৰ পৰা চুৰি হোৱা আপুৰুগীয়া মূৰ্তি । ১১ শতিকাৰ এই মূৰ্তিকেইটা চুৰি হৈছিল তামিলনাডুৰ এটা মন্দিৰৰ পৰা । ১৯৮৫ চনত তামিলনাডুৰ টেনকাছি (Tenkasi District of Tamilnadu) জিলাৰ আলৱাৰকুৰুছিয়া অঞ্চলৰ নৰসিংগানাথাৰ (Alwarkurichia's Narasinganathar Temple) মন্দিৰৰ পৰা মূৰ্তিকেইটা চুৰি হৈছিল । আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ । মূৰ্তি চোৰাং ব্যৱসায় প্ৰতিৰোধ গোটৰ আৰক্ষী সঞ্চালক প্ৰধান (Idol Smuggling Prevention Unit) জয়ন্ত মূৰালি আৰু মূৰ্তি চোৰাং ব্যৱসায় প্ৰতিৰোধ গোটৰ মহা-পৰিদৰ্শক দীনকৰণে শুকুৰবাৰে মাদুৰাইত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ।

চুৰি মূৰ্তি উদ্ধাৰ সন্দৰ্ভত সংবাদমেল

সংবাদমেলত তেওঁলোকে প্ৰকাশ কৰে যে গাংগালা নাথাৰ (Gangala Nathar) আৰু অধিকাৰা নন্দী (Adhikara Nandi) পাঞ্চালো মূৰ্তি (Panchaloh idols) দুটা চুৰিৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল আৰক্ষীয়ে । যাৰ বাবে ১৯৮৬ চনত এই গোচৰটো আৰক্ষীয়ে বন্ধ কৰিছিল । কিন্তু আমেৰিকাত উক্ত মূৰ্তি দুটাৰ উপস্থিতিৰ সন্ধান পোৱাৰ পিছত গোচৰটো পুনৰ চৰ্চালৈ আহে । আৰক্ষীয়ে জনোৱা মতে, এই মূৰ্তি দুটাৰ উপৰি তামিলনাডুৰ পৰা চুৰি হোৱা আন ২০টা মূৰ্তি (stolen idols recovered) এতিয়ালৈকে বিদেশৰ পৰা উদ্ধাৰ কৰা হৈছে। আনহাতে, ৪০টা মূৰ্তি এতিয়াও উদ্ধাৰ কৰিবলৈ বাকী ।

উদ্ধাৰ হোৱা মূৰ্তি প্ৰদৰ্শন

আনহাতে, বিগত বৰ্ষটোতে সৰ্বাধিক সংখ্যক ১০টা মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলিও জনোৱা হৈছে । বেছিভাগ মূৰ্তিয়েই আমেৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়ালৈ চোৰাং চালান (Idols smuggling to US, UK, Australia) কৰা হৈছিল বুলিও তেওঁলোকে জনায় । মাদুৰাইৰ এমাৰ্লড লিংগম (emerald Lingam in Madurai) মূৰ্তি উদ্ধাৰৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ উপৰি মাইলাপুৰ কাবালিশ্বৰাৰ মন্দিৰৰ (Mylapore Kabaliswarar Temple) পৰা চুৰি হোৱা ময়ূৰ মূৰ্তি উদ্ধাৰৰ তদন্ত প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত উপনীত হোৱা বুলিও লগতে জনায় ।

সমান্তৰালভাৱে তামিলনাডুৰ ঐতিহ্যপূৰ্ণ আৰু মূল্যৱান মূৰ্তিসমূহৰ (precious and valuable idols) এক সমীক্ষাও বৰ্তমান চলি আছে। আৰক্ষীয়ে জনোৱা মতে, বিদেশৰ পৰা প্ৰতিটো মূৰ্তি উদ্ধাৰকাৰ্যত প্ৰায় ১ লাখ টকাকৈ ব্যয় হৈছে। তামিলনাডুৰ বিগ্ৰহৰ চোৰাং ব্যৱসায়ৰ (idols smuggling) লগত জড়িত থকাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈ জে'লত থকা সুভাষ কাপুৰ নামৰ ব্যক্তিজনৰ নামত মুঠ ৫টা বিগ্ৰহ চুৰিৰ গোচৰ আছে ।

লগতে পঢ়ক :ত্ৰিপুৰাত 8 কোটি টকাৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details