নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ : মধ্যপ্ৰদেশৰ গোৰঘাটত জঘন্য ঘটনা ৷ পিতৃ কন্যাৰ সম্পৰ্কক কলুষিত কৰিলে পাষাণ পিতৃয়ে ৷ দীৰ্ঘদিন ধৰি নিজ নাবালিকা কন্যাৰ লগত অপকৰ্ম কৰি অন্তঃসত্বা কৰিলে সতীয়া পিতৃয়ে, যেতিয়া কন্যা অন্তঃসত্বা হোৱা বুলি গম পাই তাৰ পিচতে ফুৰিবলৈ নিয়াৰ চলেৰে গোৰাঘাট ৰে’লৱে ক্ৰছিঙৰ ওচৰলৈ নি পুনৰ ধৰ্ষণ কৰি হত্যা কৰে ৷
শনিবাৰে মোহখেদ আৰক্ষী থানাৰ অন্তৰ্গত গোৰঘাটৰ ৰে’ল ক্ৰছিঙৰ ওচৰত নাবালিক এগৰাকী মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ তাৰ পিচতে মোহখেদ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ ভগতসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি কিশোৰীগৰাকী উদ্ধাৰ কৰি অনুসন্ধান আৰম্ভ কৰে ৷ আৰক্ষীৰ অনুসন্ধানত কিশোৰীগৰাকী বিচুয়াৰ দেউৰীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ কিশোৰীগৰাকীৰ বয়স মাত্ৰ 16 বছৰ ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত কৰাৰ পিচত জঘন্য সত্য পোহৰলৈ আহে ৷ মৃত কিশোৰীগৰাকী 8 মাহৰ অন্তঃসত্বা আছিল ৷ কিশোৰীগৰাকীক প্ৰায়েই সতীয়া পিতৃ সহদেৱ উইকেই ধৰ্ষণ কৰিছিল ৷ এই কথা কাকো নক’বলৈ ধমকি দিছিল সহদেৱে ৷ কিন্তু কিশোৰীগৰাকী শেহতীয়াকৈ অন্তঃসত্বা হোৱা বুলি গম পোৱাৰ পিচতে সহদেৱে কিশোৰীগৰাকীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷