নিউজ ডেস্ক, 8 এপ্ৰিল : দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই লৈ দেশত চলি থকা নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অধিবক্তা বিশাল ঠাকৰে আৰু আদিত্য যাদৱ ৷ ইতিমধ্যে ক'ৰণাৰ গণ সংক্ৰমণৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰিছে ৷
এই আবেদনখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে ৷ আবেদনখনত কোৱা হৈছে," দেশত ক'ৰণা ভাইৰাছে পুনৰ গণ সংক্ৰমণৰ দিশে গতি কৰিছে ৷ কিন্তু এতিয়াও দেশত জন সচেতনতা দেখিবলৈ পোৱা নাই ৷ দেশৰ 4 খনকৈ ৰাজ্যৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশাল সমাবেশৰ আয়োজন কৰা হৈছে ৷ ক’ভিড সংক্ৰান্তীয় সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি এই সভাসমূহত অংশগ্ৰহণ কৰিছে দেশৰ বহু প্ৰভাৱশালী নেতা মন্ত্ৰীয়ে ৷"