নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ : আলিগড়ৰ আত্ৰৌলিৰ চকাথল গাঁৱত মাটি খননৰ সময়ত ৰজা আৰু ৰাণীৰ জৰাজীৰ্ণ প্ৰতিমূৰ্তি উদ্ধাৰ হৈছে । এই তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় বহু সংখ্যক লোক ৷ মানুহে জানিব বিচাৰে যে মূৰ্তি দুটা কাৰ আৰু মূৰ্তি দুটা কিমান পুৰণি ? অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোৱা নাই ।
মানুহে কয় যে, আনকি ১৫ বছৰ আগতেও ইয়াত খননৰ সময়ত এখন ধ্বংসপ্ৰাপ্ত দেৱাল দেখা গৈছিল । একে সময়তে, এতিয়া তাত ৰজা আৰু ৰাণীৰ মূৰ্তি উদ্ধাৰ হোৱাৰ ফলত মানুহৰ মাজত কৌতূহল বৃদ্ধি পাইছে ৷ মানুহে অনুমান কৰিছে যে হয়তো ইয়াত ধন-সম্পত্তিও পোৱা যাব ।
উল্লেখ্য যে, চকথাল গাঁৱৰ বিজয়নগৰীয়া অঞ্চলৰ নিম নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম চলি আছে । দলঙৰ দুয়ো মূৰে যাতায়তৰ সুবিধা হোৱাকৈ পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল একাংশ লোক ৷ কাষতে থকা পথাৰৰ পৰা মাটি খান্দি ৰাস্তাটো বান্ধিছিল বনুৱাসকলে ৷ মাটি খান্দি থকাৰ সময়তে সেই স্থানত বনুৱাসকলে এটা মূৰ্তি প্ৰত্যক্ষ কৰে ৷ ভালদৰে লিৰিকি-বিদাৰি চোৱাৰ পাচত সেই মূৰ্তিটো এজন পুৰুষৰ বুলি তেওঁলোক নিশ্চিত হয় ৷ ইয়াৰ সমান্তৰালকৈ একে স্থানতে তেওঁলোকে এগৰাকী নাৰীৰো এটা মূৰ্তি উদ্ধাৰ কৰে ৷ অৱশ্যে দুয়োটা মূৰ্তিৰে মূৰৰ অংশহে পোৱা গৈছে সেই স্থানত ৷