নিউজ ডেস্ক: ঘৰৰ এটা চুকত শাৰী পাতি আছে হিন্দু দেৱ-দেৱীৰ মূৰ্তি (Statues of Hindu gods and goddesses)। মকছুদ আলম আৰু মুজাম্মিল হক নামৰ দুই মৃৎ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মূৰ্তিসমূহ (Maqsood Alam and Muzammil Haque)। তেওঁলোকক সহায় কৰিছে কল্পনা সিং নামৰ এগৰাকী মহিলাই । ত্ৰিপুৰাৰ বাবেই বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি জীৱন্ত হৈ উঠে । এই তিনিগৰাকী লোকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে দেৱ-দেৱীৰ মূৰ্তিসমূহ ৷
এই দৃশ্য কলিকতাৰ গৌৰীবাৰীৰ ৷ গৌৰীবাৰীৰ মিৰ মছজিদ ঠিক বিপৰীত দিশত অৱস্থিত গৌৰীবাৰীৰ নামৰ সৰু ঘৰটোত মকছুদ আলম আৰু মুজাম্মিল হকে নিতৌ নিৰ্মাণ কৰি আহিছে মূৰ্তিসমূহ ৷ অখ্যাত শিল্পী দুগৰাকীক কাষৰীয়া লোকসকলেই আজি পৰ্যন্ত চিনি নাপালে ৷ বিগত ১৫-২০ বছৰ ধৰি শিল্পী দুগৰাকীয়ে নিৰ্মাণ কৰি অহা মূৰ্তিসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় ৷