অসম

assam

ETV Bharat / bharat

জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক - ক'ভিড প্ৰতিষেধক

জুলাইৰ ভিতৰত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰিছে এই কথা ৷ এই পৰ্যন্ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিছে 2.19 কোটিৰো অধিক প্ৰতিষেধক ৷

States, UTs to receive over 12 cr COVID vaccine doses in July says Centre
জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

By

Published : Jul 8, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক, 8 জুলাই:চলিত মাহতে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই কথা সদৰী কৰে ৷ প্ৰতিষেধক নিৰ্মাতাসকলৰ সৈতে হোৱা আলোচনাৰ ওপৰত ভিত্তি জুলাই মাহত ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক লাভ কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এই পৰ্যন্ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক 2.19 কোটিৰো অধিক প্ৰতিষেধক যোগান ধৰা হৈছে ৷ মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে, জুলাই মাহত প্ৰেৰণ কৰিবলগীয়া ক'ভিড প্ৰতিষেধক যোগান সন্দৰ্ভত ৰাজ্যসমূহক আগতীয়াকৈ অৱগত কৰা হৈছে ৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিখন ৰাজ্যক নিজৰ প্ৰয়োজন সন্দৰ্ভত আগতীয়াকৈ অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

অধিক প্ৰতিষেধকৰ প্ৰয়োজন হ'লে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক এই আহ্বান জনোৱা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে ৷ জুলাই মাহৰ প্ৰথম সপ্তাহত টীকাকৰণৰ কভাৰেজ 32 শতাংশ পৰ্যন্ত হ্ৰাস পোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ অভিযোগ সম্পূৰ্ণৰূপে নসাৎ কৰি মন্ত্ৰালয়ে কয় যে, ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহক যোগান ধৰা প্ৰতিষেধকৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত উপলব্ধ হ'বলগীয়া প্ৰতিষেধকৰ পৰিমাণ সন্দৰ্ভত মন্ত্ৰালয়ৰ ফালৰ পৰা পূৰ্বতেই সকলো কথা স্পষ্ট কৰি দিয়া হৈছিল ৷

ইয়াৰ ওপৰত ভিত্তি কৰিহে ৰাজ্যসমূহৰ লগতে সকলো কেন্দ্ৰীয় শাসিত অঞ্চলক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত এতিয়াও ১,৬৭,২৬,৬১৩ৰো অধিক ক'ভিড-১৯ প্ৰতিষেধকৰ পালি মজুত আছে ।

লগতে পঢ়ক:দেশত এতিয়াও উপলব্ধ ১.৬৭ কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details