নিজৰ অস্তিত্বৰ ৭০ বছৰ সম্পূৰ্ণ কৰা পৰিকল্পনা আয়োগে এবাৰ কৈছিল যে ভাৰতৰ সংবিধানখনে ৰাজ্য সমূহ আৰু কেন্দ্ৰৰ মাজত সম্পদ সমূহৰ যুক্তি সংগত বিতৰণ কৰাৰ পৰিকল্পনা কৰে ৷ পঞ্চদশ বিত্তীয় আয়োগে যি সমূহ বিষয়ত আলোকপাত কৰিছিল সেই মান বজাই ৰাখিবলৈ সক্ষম হ’ব নে নাই সেই কথা লক্ষ্যণীয় হ’ব ৷ পৰিকল্পনা আয়োগক ভংগ কৰি পেলোৱা,জি এছ টিৰ সূচনা কৰা আৰু সমগ্ৰ বিশ্বতে দেখা দিয়া মহামাৰীৰ ফলত সম্পূৰ্ৰূপে কোঙা হৈ পৰা অৰ্থনীতি আদিৰ মাজতে বিত্তীয় আয়োগে অলপতে প্ৰতিবেদন দাখিল কৰিছে ৷
পঞ্চদশ বিত্তীয় আয়োগে নিজা প্ৰতিবেদনখনত ক’ভিড মহামাৰীৰ সময় চোৱাত নিজকে বিত্তীয় আয়োগ হিচাপে বৰ্ণনা কৰিছে ৷ এই আয়োগে এনে এক প্ৰতিবেদন দাখিল কৰিছে যাক সম্পূৰ্ণৰূপে মোদী চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া ‘ৰেফাৰেঞ্চ পইন্ট’ আৰু সীমাবদ্ধতাৰ মাজত প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ আয়োগখনে ২০১১ চনৰ জনগণনাক ইয়াৰ প্ৰতিবেদনৰ ভিত্তি হিচাপে লৈছিল ৷ এই প্ৰতিবেদনত প্ৰকাশ পাইছিল যে তামিলনাডুক বাদ দি দক্ষিণ ভাৰতীয় ৰাজ্যকেইখনে ১৬,৬৪০ কোটি টকাৰ লোকচান ভুগিব লগীয়া হৈছিল ৷ ভুল মানক নিৰ্দ্ধাৰণ কৰাৰ বাবে ৰাজ্য সমূহৰ আয়ৰ ক্ষতি ২০২১ আৰু ২০২৬ বৰ্ষৰ ভিতৰত ৯৪,০০০ কোটি হ’বগৈ বুলি থাৱৰ কৰা হৈছে ৷
চতুৰ্দশ বিত্তীয় আয়োগে ৰাজ্যসমূহক ৪২ শতাংশ সম্পদৰ ভাগ প্ৰদান কৰিছিল ৷ কেন্দ্ৰই এই আবন্তনৰ ওপৰত পুনৰ বিবেচনা কৰিবৰ বাবে দিয়া প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই আয়োগে ১ শতাংশ কেন্দ্ৰীয় শাসিত অঞ্চল সমূহ আৰু জন্মু আৰু কাশ্মীৰ আৰু লাডাখৰ ভাগত থৈ ৰাজ্যসমূহলৈ ৪১ শতাংশ সম্পদৰ ভাগ আগবঢ়াই ৷ ৰাজ্য সমূহে অভিযোগ কৰে যে ৪২ শতাংশ আবন্তন কৰা হৈছিল যদিও প্ৰকৃততে ৰাজ্য সমূহে মাত্ৰ ৩৫ শতাংশহে পাবলৈ সক্ষম হৈছিল ৷ সম্পদৰ হস্তান্তৰ কৰণ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য সমূহে যি দাবী জনাই আহিছে সেইয়া কোনো বধিৰ লোকৰ কাণত কৈ থকা লেখীয়াহে হৈছে ৷
বিত্তীয় আয়োগখনে সদৰি কৰে যে অনাগত ৫ টা বছৰৰ ভিতৰত ৰাজ্য সমূহে ভাৰতৰ সংহত নিধিৰ পৰা ৫২.৪১ লাখ কোটিতকৈও অধিক টকা পাবলৈ সক্ষম হ’ব ৷ ইয়াৰ বিপৰীতে আকৌ কেন্দ্ৰই কয় যে তেওঁলোকে ১.৮ কোটি টকাৰ অনুদানৰ বিষয়ে পৰ্যালোচনা কৰিব আৰু সতৰ্কতাৰে কৰা চিন্তাৰ পাচতহে সিদ্ধান্ত লোৱা হ’ব ৷ এই ধৰণৰ মনোভাৱ যুক্তৰাজ্যবাদৰ প্ৰতি এক মোক্ষম আঘাত ৷ এইখিনিতে এই কথা উল্লেখ কৰাটো প্ৰয়োজনীয় হ’ব যে ২০১৫ চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল “আমি বিশ্বাস কৰো যে আৰ্থিক বিচক্ষণতা আৰু অনুশাসন পৰ্যবেক্ষণ কৰাৰ সময় চোৱাত ৰাজ্য সমূহক বৃহৎ আৰ্থিক সক্ষমতা আৰু স্বতন্ত্ৰতাৰে তেওঁলোকৰ কাৰ্যসূচী সমূহ তথা যোজনা সমূহ প্ৰস্তুত কৰিবলৈ অনুমতি দিয়া উচিত ৷ এই ক্ষেত্ৰত আমি সুনিশ্চিত যে ইয়াৰ অবিহনে স্থানীয় বিকাশৰ প্ৰয়োজনীতাবোৰ কেতিয়াও পোৱা নাযাব আৰু নিষ্পেষিত সম্প্ৰদায় সমূহ তথা পিচপৰা অঞ্চলবোৰক কেতিয়াও মূলসূঁতিলৈ তুলি আনিব পৰা নাযাব ৷