স্পৰ্টছ ডেস্ক, ৪ জুন:ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (Wrestlers Sexual harassment case) । মহিলা মল্লযুঁজাৰুসকল যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীয়ে প্ৰায় ১২৫ গৰাকী লোকৰ ভাষ্য সংগ্ৰহ কৰিছে । নতুন দিল্লী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে ।
এই ক্ষেত্ৰত, ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা ৭ গৰাকী মল্লযুঁজাৰুৰ ভাষ্যও দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হৈছে । এগৰাকী মহিলা মল্লযুঁজাৰুৱে দাবী কৰিছে যে, যেতিয়া ব্ৰীজ ভূষণে তেওঁক যৌন নিৰ্যাতন চলাইছিল তেতিয়া তেওঁ নাবালক আছিল । ইয়াৰ মাজতে চাৰিজন সাক্ষীয়ে ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ স্বীকাৰ কৰিছে । তেওঁলোকৰ ভিতৰত আছে অলিম্পিক খেলুৱৈ, কমনৱেলথ স্বৰ্ণ পদক বিজয়ী, আন্তৰ্জাতিক ৰেফাৰী আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষক ।
আৰক্ষীয়ে বিবৃতিত উল্লেখ কৰা মতে, ব্ৰীজ ভূষণৰ বিৰুদ্ধে পকচোৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ভুক্তভোগীগৰাকী নাবালিকা হোৱাৰ দাবীৰ তদন্ত কৰি আছে । ইয়াৰ উপৰিও, আন ৬ গৰাকী মহিলা মল্লযুঁজাৰুৰ ভাষ্যও দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হৈছে ।