নেশ্যনেল ডেস্ক, ১৪ মে' : 'ভাৰতৰ অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থা চৰম উদ্বেগজনক ।'এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ । বৰ্তমান দেশত মূল্যবৃদ্ধিৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পেট্ৰ'ল, ডিজেলৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীতে মূল্য যথেষ্ট বৃদ্ধি পাইছে ।
ইয়াৰ লগে লগে দেশৰ অৰ্থনৈতিক অৱস্থাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে । তেনে সময়তে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে (Chidambaram on state of economy)। বিশ্বব্যাপী আৰু ঘৰুৱা উন্নয়নৰ কথা চিন্তা কৰি দেশৰ অৰ্থনৈতিক নীতিসমূহ পুনৰ বিবেচনা কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে (Chidambaram demand to reset of economic policies)।
নেতাগৰাকীয়ে সংবাদমেল সম্বোধন কৰি দেশৰ অৰ্থনীতি সন্দৰ্ভত বিজেপি চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে (Chidambaram blames BJP government for economic condition of India)। তেওঁৰ অভিযোগ বিগত ৮ বছৰে বিজেপি চৰকাৰৰ দিনত অৰ্থনীতিৰ বিকাশৰ হাৰ লেহেমীয়া হোৱাটো 'হলমাৰ্ক'ত পৰিণত হৈছে । ক'ভিড মহামাৰীৰ পিছৰ পৰা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা অতি উদাসীন আৰু স্থবিৰ বুলিও তেওঁ অভিযোগ কৰে ।