নেশ্যনেল ডেস্ক,২৩ জুন :আজি বিহাৰৰ পাটনাত অনুষ্ঠিত হ'ব বিৰোধী দলৰ বহু প্ৰত্যাশিত বৈঠকখন । ইতিমধ্যে বিহাৰ চৰকাৰে বৈঠকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজৰ সুৰ সলনি কৰিব পৰা এই যুগান্তকাৰী বৈঠকখনত ১৮ টাতকৈও অধিক দলৰ বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । বৃহস্পতিবাৰৰ পৰাই কেইবাটাও দলৰ নেতাই পাটনাত বাহৰ পাতিছে ।
আজিৰ দিনটো বিশেষ হিচাপে গণ্য কৰিছে বিৰোধীসমূহে । কিয়নো ভৌগোলিক ৰাজনৈতিক ৰেখাৰে খণ্ডিত হৈ থকা দেশৰ বিৰোধী দলসমূহে কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি শাসনৰ বিৰুদ্ধে যুটীয়া যুঁজ দিয়াৰ বিষয়ে একত্ৰিত হৈ চিন্তা-চৰ্চা কৰিব এই বৈঠকত । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আয়োজন কৰা বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, মমতা বেনাৰ্জী, শৰদ পাৱাৰ, উদ্ধৱ ঠাকৰেকে ধৰি ১৮ টাতকৈও অধিক দলৰ নেতাই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।
মুখ্য নেতাসকলৰ ব্যস্ততাৰ বাবে পূৰ্বে দুবাৰকৈ পিছুৱাই দিয়া পাটনাৰ এই বৈঠক সফল কৰাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যথেষ্ট চেষ্টা চলাইছে । এই বৈঠকৰ সঠিক কাৰ্যসূচী উল্লেখ কৰা হোৱা নাই কিন্তু দলসমূহৰ মাজত সাধাৰণ বুজাবুজি হৈছে আৰু তেওঁলোকৰ মতভেদ ত্যাগ কৰি বিজেপিৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত হ'বলৈ সাজু হৈছে ।