অসম

assam

ETV Bharat / bharat

ক’ভিড প্ৰটকলৰ মাজেৰে আজি হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন

হায়দৰাবাদ পৌৰ নিগমৰ অধীনস্থ 150 টা সমষ্টিৰ বাবে মঙলবাৰে অনুষ্ঠিত হয় নিৰ্বাচন ৷ এইবাৰ নিৰ্বাচনত 1,122 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 74 লাখ ভোটাৰে ৷

Stage set for GHMC polls amid tight security
ক’ভিড প্ৰটকলৰ মাজেৰে আজি অনুষ্ঠিত হৈছে হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন

By

Published : Dec 1, 2020, 12:54 PM IST

নিউজ ডেস্ক, 1 ডিচেম্বৰ :মঙলবাৰে অনুষ্ঠিত হৈছে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনত ভোটদানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ হায়দৰাবাদৰ পৌৰ নিগনৰ এলেকাত নিৰ্বাচনৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী । মঙলবাৰে পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ 9,101 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ ভোটদান ৷ নিগমৰ অধীনৰ 150 টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন ৷ এইবাৰ নিৰ্বাচনত 1,122 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 74 লাখ ভোটাৰে ৷ ইয়াৰে 38,89,637 গৰাকী পুৰুষ ভোটাৰ, 35,76,941 গৰাকী আৰু 678 গৰাকী অন্যান্য ৷

ৰাজ্য নিৰ্বাচন আয়ুক্ত চি পাৰ্থসাৰ্থীয়ে ক’ভিড 19 ৰ নিৰ্দেশনাৱলী অনুসৰি শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে ভোটদান অনুষ্ঠিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ নিৰ্বাচন কৰ্তৃপক্ষই এইবাৰ ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ ইভিএমৰ সলনি ডাক ভোটাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰিছে । ফটো পৰিচয় পত্ৰ নথকা ভোটাৰসকলে বিকল্প ফটো পৰিচয় পত্ৰৰ নথি ভোটগ্ৰহণ কেন্দ্ৰত দেখুৱাব লাগিব ৷ যিসকল ভোটাৰে তেওঁলোকে ভোটদানৰ ৰচিদ বৰ্তমানলৈ লাভ কৰা নাই তেওঁলোকে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ এপ্প /tsec.gov.in/ghmc.gov.in ৰ পৰা ৰচিদ ডাউনলোড কৰিব পাৰিব ।

ভোটাৰে মাস্ক পৰিধান কৰিহে ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিব লাগিব । ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ আৰু প্ৰস্থান সময়ত ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰা হৈছে । তদুপৰি ভোটাৰসকলে ভোটগ্ৰহণ কেন্দ্ৰত সামাজিক দূৰত্ব মানি প্ৰৱেশ কৰিব লাগিব ৷ তদুপৰি ভোটগ্ৰহণৰ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাবেভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰায় 50,000 আৰক্ষী জোৱান নিয়োগ কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষী মহা নিৰ্দেশক এম মহেন্দ্ৰয়ে ৷

লগতে পঢ়ক: কৃষক বিদ্ৰোহ : দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী

ABOUT THE AUTHOR

...view details