নিউজ ডেস্ক, ১৩ মাৰ্চ :ৰয়েল ভূটান চৰকাৰৰ বিষয়াসহ সত্তৰজনৰো অধিক লোকে ভাৰত-ভূটান সীমান্তৰ দুটা বিঅ'পিত দেশৰ মুখ্য সীমান্তৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বলৰ (SSB) দ্বাৰা আয়োজিত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায় প্ৰতিৰোধৰ ওপৰত একেলেথাৰিয়ে দুখনকৈ সজাগতামূলক কৰ্মশালাত অংশগ্ৰহণ কৰে (SSB workshops on Preventing Wildlife Crime) । আৰণ্যকৰ সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হয় ।
১০ মাৰ্চত চানদ্ৰুপ ঝাংখাৰৰ এছএছবি ৬৪ নম্বৰ বেটেলিয়নৰ ঘাটিত অনুষ্ঠিত কৰ্মশালাত ৩০ জনতকৈও অধিক সশস্ত্ৰ সীমা বলৰ (Sahastra Seema Bal, SSB) বিষয়া আৰু ৰয়েল ভূটান আৰক্ষীৰ (Royal Bhutan Police) দুজন অতিৰিক্ত অধীক্ষক মেজৰ শ্বেৰিং টবগি আৰু মেজৰ কৰ্মা শ্বেৱাঙে অংশগ্ৰহণ কৰে । তাত এছএছবিৰ ডিআইজি জগদীপ পাল সিঙে এছএছবি কৰ্মীৰ লগতে ৰয়েল ভূটান কৰ্তৃপক্ষৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰ আহ্বান জনায় । বেটেলিয়নৰ কমাণ্ডেণ্ট এন কে তামতাই আৰণ্যকৰ সীমান্তত আয়োজন কৰা এনে কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে (workshop on transboundary canvas by Aaranyak) ।
তেওঁ লগতে জৈৱ বৈচিত্ৰ্যসমৃদ্ধ পূব হিমালয়ত মূল্যৱান উদ্ভিদ আৰু জীৱ-জন্তুৰ সংৰক্ষণৰ অধিক স্বাৰ্থত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ ব্যৱসায় প্ৰতিৰোধৰ ক্ষেত্ৰত সীমান্তৰক্ষী কৰ্মীসকলে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাক সজাগ কৰাৰ বাবে আৰণ্যকৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে । উল্লেখ্য, ১১ মাৰ্চত দাদগিৰিৰ এছএছবিৰ ষষ্ঠ বেটেলিয়নৰ বিঅ'পিত একেধৰণৰ কৰ্মশালা অনুষ্ঠিত হয় (workshops on Preventing Wildlife Crime) । কমাণ্ডেণ্ট লোকেশ কুমাৰ সিঙে এই কথা প্ৰকাশ কৰে ।