নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ :দেওবাৰে শ্ৰীনগৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱালে নতুনকৈ নিযুক্তি প্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক আৰ্শ্বিদ আহমেদ মীৰে ৷ আৰ্শ্বিদৰ নশ্বৰ দেহ দেওবাৰে সন্ধিয়া তেওঁৰ অন্তিম সংস্কাৰৰ বাবে জম্মু-কাশ্মীৰৰ কুপৱাৰা(Jammu and Kashmir's Kupwara)ত থকা তেওঁৰ ঘৰলৈ লৈ যোৱা হয় ৷
দেওবাৰে আবেলি শ্ৰীনগৰৰ Khanyar অঞ্চলত সংঘটিত এক উগ্ৰপন্থীৰ আক্ৰমণত আৰ্শ্বিদ আহমেদ মীৰ আহত হৈছিল ৷ উগ্ৰপন্থীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত মীৰে অৱশেষত মৃত্যুক সাৱটি লয় ৷ টুইটযোগে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই কথা সদৰী কৰে ৷ সন্ত্ৰাসবাদীৰ এই আক্ৰমণক কাপুৰুষালি আখ্যা দি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কয়, "শ্ৰীনগৰৰ Khanyar ত সন্ত্ৰাসবাদীৰ কাপুৰুষোচিত আক্ৰমণত Probation Sub-Inspector আৰ্শ্বিদ আহমেদ মীৰ গুৰুতৰভাৱে আহত হয় ৷ তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ স্বৰ্গগামী হয়" ৷