নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : হিংসাত্মক ঘটনা শামকটাৰ যেন নামেই লোৱা নাই মণিপুৰ । প্ৰায় পাঁচ মাহ ধৰি উত্তৰ-পূবৰ শান্তিপূৰ্ণ ৰাজ্যখন হিংসাৰ দাবানলত দগ্ধ হৈ আছে । হানি হৈছে ব্যাপক ধন-জনৰ । তাৰ মাজতে মণিপুৰত বৰ্ধিত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শ্ৰীনগৰৰ শীৰ্ষ আৰক্ষী বিষয়া ৰাকেশ বলৱালক উত্তৰ-পূবৰ ৰাজ্যখনলৈ প্ৰত্যাৱৰ্তন কৰাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ।
বিগত জুলাই মাহত নিৰুদ্দেশ হোৱা দুগৰাকী শিক্ষাৰ্থীৰ নিৰ্মম হত্যাকাণ্ডৰ পিছত উদ্ভৱ হোৱা অস্থিৰতাৰ নতুন ঢৌৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে বিগত মে' মাহৰ পৰা চলি থকা হিংসাত্মক ঘটনাত জর্জৰিত মণিপুৰে এক সংকটজনক সন্ধিক্ষণৰ সন্মুখীন হৈছে । প্ৰতিবাদ, আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে । যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।
উল্লেখ্য যে মণিপুৰ কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া ৰাকেশ বলৱাল জম্মু-কাশ্মীৰত নিযুক্ত আছিল । কিন্তু বৰ্তমান মণিপুৰৰ পৰিস্থিতি সুস্থিৰ কৰাত সহায় কৰিবলৈ তেওঁক গৃহৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে । আনহাতে, বলৱালক হঠাতে গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্তই মণিপুৰৰ পৰিস্থিতিৰ গুৰুত্ব আৰু অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ তাৎক্ষণিক পদক্ষেপৰ বাবে চৰকাৰে যে গুৰুত্ব আৰোপ কৰিছে সেয়া প্ৰকাশ পাইছে ।
মণিপুৰ হিংসাৰ শেহতীয়া ঢৌ ছ'চিয়েল মিডিয়াত প্ৰকাশিত কেতবোৰ ফটো আৰু ভিডিঅ'ৰ পৰা উদ্ভৱ হৈছে । দুগৰাকী নিৰুদ্দিষ্ট ছাত্ৰ-ছাত্ৰী ক্ৰমে ২০ বছৰীয়া ফিজাম হেমজিত আৰু ১৭ বছৰীয়া হিজাম লিন্থোইঙ্গম্বিৰ ভয়ংকৰ ভিডিঅ' আৰু ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছিল । তাত ঘন জংঘলৰ অস্থায়ী শিবিৰত বহি থকা শিক্ষাৰ্থী দুজনক সশস্ত্ৰ ব্যক্তিৰ সৈতে দেখা গৈছিল । কিন্তু দুখজনকভাৱে পৰৱৰ্তী ফটোত দুয়োগৰাকীৰে নিষ্প্ৰাণ দেহ মাটিত পৰি থকা দেখুওৱা হৈছিল, যিয়ে এক জঘন্য অপৰাধৰ কথা প্ৰকাশ্যে আনে ।