নেশ্যনেল ডেস্ক,13 জানুৱাৰী:শ্ৰীনগৰ আৰক্ষীয়ে বুধবাৰে শ্ৰীনগৰ জিলাৰ বুলবুল বাগ বৰজুল্লা অঞ্চলৰ পৰা নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰ দুজন সহযোগী সদস্যক আটক কৰে। আৰক্ষীয়ে এক বিবৃতিযোগে কয় যে, আটক কৰা সন্ত্ৰাসবাদী দুজনক পুৰণি বৰজুল্লা শ্ৰীনগৰৰ গুলাম নবি মিৰৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। আটকাধীন দুই সদস্যৰ পৰা চীনত নিৰ্মিত দুটাকৈ পিষ্টলৰ লগতে দুটা মেগজিন আৰু ১৩ টা লাইভ পিষ্টলৰ কাৰ্টিজসহ অস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছিল ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ৷
অস্ত্ৰসহ লস্কৰ-ই-তৈবাৰ দুজন সদস্যক আটক শ্ৰীনগৰ আৰক্ষীৰ - Srinagar Police arrests 2 LeT terrorist associates
শ্ৰীনগৰ জিলাৰ বুলবুল বাগ বৰজুল্লা অঞ্চলৰ পৰা শ্ৰীনগৰ আৰক্ষীয়ে বুধবাৰে আটক কৰে নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰ দুজন সহযোগী সদস্যক ৷ আটক কৰা সন্ত্ৰাসবাদী দুজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰে ৷
অস্ত্ৰসহ লস্কৰ-ই-তৈইবাৰ দুজন সদস্যক আটক কৰে শ্ৰীনগৰ আৰক্ষীয়ে
উল্লেখ্য যে, যোৱাটো সপ্তাহটো জম্মু কাশ্মীৰৰ পুলৱামাৰ পৰা আদিল আহমদ শ্বাহ নামৰ এজন সন্ত্ৰাসবাদী আটক কৰা হৈছিল ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সেই অঞ্চলটোত আৰক্ষীয়ে অভিযান চলাই বুলি বিবৃতিত উল্লেখ কৰে ৷
লগতে পঢ়ক:ভাৰতীয় নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বিস্ফোৰক নিক্ষেপ