নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰক অন্তৰ্ভুক্ত কৰা হৈছে UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত । কাৰুশিল্প আৰু লোকশিল্প শাখাত অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰীনগৰক । এই অন্তৰ্ভুক্তিয়ে শ্ৰীনগৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । ঠাইখনৰ চালে চকুৰোৱা হস্তশিল্পৰ বিষয়ে বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ সুযোগ লাভ কৰিছে শ্ৰীনগৰে ।
UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত সাতটা সৃষ্টিশীল ক্ষেত্ৰ আছে । সেয়া হৈছে- কাৰুশিল্প আৰু লোকশিল্প, সংবাদ মাধ্যম, চলচ্চিত্ৰ, সাহিত্য, ডিজাইন, জ্যোতিৰ্বিজ্ঞান আৰু মিডিয়া আৰ্টছ । শ্ৰীনগৰক সৃষ্টিশীল চহৰ হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৯ চনত প্ৰথমবাৰৰ বাবে মনোনয়ন দাখিল কৰা হৈছিল । অৱশ্যে, উক্ত বৰ্ষত দুখন মহানগৰ অন্তৰ্ভুক্ত কৰা হৈছিল ।
জ্যোতিৰ্বিজ্ঞানৰ শাখাত হায়দৰাবাদক আৰু ছবিৰ শাখাত মুম্বাইক বাছনি কৰা হৈছিল । ২০১৯ চনৰ পূৰ্বে সৃষ্টিশীল মহানগৰৰ শাখাত কেৱল তিনিখন ভাৰতীয় মহানগৰক সদস্য হিচাপে স্বীকৃতি দিয়া হৈছিল ।