অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ কৰণপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ৰূপেন্দ্ৰ সিং কুন্নাৰৰ জয়লাভ - Rupendra Singh Kunnar

Karanpur Assembly Pull Result : ৰাজস্থানৰ কৰণপুৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে এক ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে । কংগ্ৰেছৰ ৰূপেন্দ্ৰ সিং কুন্নাৰে এই সমষ্টিটোত জয়লাভ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে কুন্নাৰক এই বিজয়ৰ বাবে অভিনন্দন জনায় ।

কৰণপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ৰূপেন্দ্ৰ সিং কুন্নাৰৰ জয়লাভ
কৰণপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ৰূপেন্দ্ৰ সিং কুন্নাৰৰ জয়লাভ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 6:40 PM IST

নিউজ ডেস্ক, ৮ জানুৱাৰী : ৰাজস্থানৰ কৰণপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত সোমবাৰে কংগ্ৰেছে বিজয় সাব্যস্ত কৰে । কংগ্ৰেছ প্ৰাৰ্থী ৰূপেন্দ্ৰ সিং কুন্নাৰে বিজেপিৰ সুৰেন্দ্ৰ পাল সিং টিটিক ১১,২৮৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

আনহাতে, কৰণপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বিজয়ৰ পিছত স্থানীয় কংগ্ৰেছ নেতাগৰাকী ভোট গণনাস্থলীত উপস্থিত হৈ কয় যে কৰণপুৰৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক উপযুক্ত প্ৰত্যুত্তৰ দিছে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছৰ জিলা ভাৰপ্ৰাপ্ত জিয়াউৰ ৰহমানে কয় যে কৰণপুৰৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ভুল নীতি প্ৰত্যাখ্যান কৰিছে ।

তেওঁ কয় যে নিৰ্বাচনৰ মাজভাগতে বিজেপিয়ে নিজৰ প্ৰাৰ্থীগৰাকীক মন্ত্ৰিত্ব পদ দিছে । কিন্তু কৰণপুৰৰ ৰাইজে সত্যৰ পক্ষত থিয় দিয়ে আৰু প্ৰাক্তন বিধায়ক গুৰমিত সিং কুন্নাৰক প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাই এই আসনখনত তেওঁলোকৰ জনাদেশ প্ৰদান কৰে । ইফালে জিলা কংগ্ৰেছৰ সভাপতি অংকুৰ মিগলানীয়েও কয় যে এই বিজয় সত্যৰ জয় আৰু আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজস্থানত চমৎকাৰ প্ৰদৰ্শন কৰিব ।

উল্লেখ্য যে সোমবাৰে পুৱা ৮ বজাত ভোট গণনা আৰম্ভ হয় । গণনাৰ প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী সুৰেন্দ্ৰ পাল সিঙে অগ্ৰগতি লাভ কৰে । কিন্তু দ্বিতীয় ৰাউণ্ডৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰূপেন্দ্ৰ সিঙে আগ্ৰগতি অব্যাহত ৰাখে আৰু অৱশেষত এক চমৎকাৰ বিজয় সাব্যস্ত কৰে ।

উল্লেখ্য যে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী তথা তদানীন্তন বিধায়ক গুৰমিত সিং কুন্নাৰ মৃত্যুৰ বাবে নিৰ্বাচন স্থগিত ৰখা হৈছিল । এই সমষ্টিত ৫ জানুৱাৰীত উপ-নিৰ্বাচন অনুষ্ঠিত হয় । উপ-নিৰ্বাচনত বিজেপিয়ে নৱগঠিত চৰকাৰৰ মন্ত্ৰী সুৰেন্দ্ৰ পাল সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰে । কিন্তু মন্ত্ৰিত্ব লাভ কৰাৰ পিছতো সুৰেন্দ্ৰ সিঙে সমষ্টিটো ধৰি ৰাখিব নোৱাৰিলে ।

লগতে পঢ়ক :অহংকাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে ন্যায়ৰ জয়ৰ প্ৰতীক; বিলকিছ বানু প্ৰসংগত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details