নেশ্যনেল ডেস্ক,১৩ মে' :তীব্ৰ সংকটৰ মাজতে বৃহস্পতিবাৰে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে (Ranil Wickremesinghe takes oath as Sri Lanka PM)। ইয়াৰ পূৰ্বেও দেশখনৰ প্ৰধানমন্ত্ৰী আছিল ৱিক্ৰমসিংঘে । প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিলে ৱিক্ৰমসিংঘে (Sri Lanka new PM praises India)। তেওঁৰ কাৰ্যকালত ভাৰতৰ সৈতে শ্ৰীলংকাৰ সম্পৰ্ক আৰু বেছি ঘনিষ্ঠ হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
দ্বীপৰাষ্ট্ৰখন প্ৰথমবাৰলৈ সন্মুখীন হোৱা এনে পৰিস্থিতিত ভাৰতে সহযোগিতা আগবঢ়োৱাৰ বাবে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে । বিক্ৰমসিংঘে কোৱা মতে তেওঁ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ বাবে চেষ্টা কৰিব । তেওঁ এই সমস্যা সমাধান কৰিব বিচাৰে বুলিও উল্লেখ কৰে ।
উল্লেখ্য যে অৰ্থনৈতিক সংকটৰ (Economic crisis in Sri Lanka) সন্মুখীন হোৱা শ্ৰীলংকাক ভাৰতে এই বছৰৰ জানুৱাৰী মাহৰ পৰাই প্ৰায় ৩ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক সহায়ৰ প্ৰতিশ্ৰুতি দিছে । ভাৰত চৰকাৰে বৃহস্পতিবাৰে উল্লেখ কৰিছে যে গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুসৰি গঠন হোৱা নতুন শ্ৰীলংকা চৰকাৰৰ সৈতে কাম কৰিবলৈও ইচ্ছুক ভাৰত ৷ লগতে দ্বীপৰাষ্ট্ৰখনৰ জনসাধাৰণৰ প্ৰতি নতুন দিল্লীৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব বুলিও উল্লেখ কৰে ।
উল্লেখ্য যে দেশখনে সন্মুখীন হোৱা এনে সংকটৰ বাবে জনসাধাৰণে তেওঁলোকৰ চৰকাৰকে দোষাৰোপ কৰে । যাৰ বাবে ৰাজপথলৈ ওলাই দেশখনৰ হাজাৰ হাজাৰ লোক (Protest in Sri Lanka)। প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত জনসাধাৰণে বহু স্থানত তীব্ৰ প্ৰতিবাদ কৰিছে । বহু ঠাইত প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে ।